জনতাৰ ঘৰে ঘৰে উঠক উজলি।
সাম্য-মৈত্ৰী-স্বাধীনতা অনুপম সুৰ।... •••••
অঘাসুৰ-বকাসুৰ পলাব আঁতৰি;
কদম-তলত বেণু বাজিব আকউ
বাস্তৱৰ আদৰ্শত অৱনী কঁপাই।”—(“কদম তলত বেণু” )
—এই “সাম্য-মৈত্ৰী-স্বাধীনতা” যেনেকৈ ধৰ্ম্ম-নৈতিক বা মানৱীয়তকৈ অৰ্থ- নৈতিক আৰু মানসিকহে, সেইদৰে “কদম-তলত বেণু” বাজিবলৈ ক’লেও সি গোপিনী-মোহন নিশ্চয় নহব; সেই বেণুত বাজিব বীৰ-ৰক্ত উতলাই তোলা কুৰুক্ষেত্ৰৰ পাঞ্চজন্য সুৰ; কিয়নো সি “বাস্তৱৰ আদৰ্শত।”
“তোমাৰ বিহনে আজি বৈ যায় তেজৰ নিজৰা;
বাটে বাটে কাষে জনতাই!
বঢ়োঁৱা দয়াৰ-হাত তোমাৰ কৃষক।”—(“বঢ়োৱা দয়াৰ-হাত”)
"বন্ধ্যা হল যদি আজি আমাৰ পৃথিবীখনি,
জনমাই নিদিয়ে একোকে;
ঘামেৰেই সাজি লম সুবৰ্ণৰ অট্টালিকা
কৰ্ম্ম-বীৰ গঢ়ি জাকে জাকে।”—(“গঢ়ি লম সোণৰ মুকুট’)
“সোণালী পথাৰত ভূতে টকলিয়ায় নাচিছে যখিনী-পাল।
চুকৰ ভেকুলীৰ নাচোনত ছিগিছে আইৰ কুমলীয়া-ছাল।
হুদুৱে নাচিছে ঘৰৰে ছালতে, চা ডেকা ল'ৰা তোৰ;
ভেটি-বাৰী-মাটি ৰাহুৱে গিলিছে দিন-দুপৰতে চোৰ ......
“বিড়াল তপস্বীৰ চকুত জিলিকে প্ৰতিহিংসা-মহাবাণ;
মাতৃ-চেনেহৰ আঁচল তলত গঢ়ে বিষ-শৰাসন।’’—“টোপনিৰ পৰা উঠ’’)
এই অনুক্ৰমে জগতৰ বৰ্ত্তমান সাহিত্যৰ ভাৱ-ধাৰা অসমীয়া সাহিত্যৰ ভিতৰেদি বোৱাবলৈ শ্ৰীমান মনেশ্বৰ বৰাই যত্ন কৰিছে আৰু তাত ভালেখিনি সিদ্ধি লাভ কৰিছে। “চিনাকি’’, ১৯৫৩।
⸺⸻