পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৯
পুৱালৈ সময় কিমান’’ কবিতা—মনেশ্বৰ


কোমল-সৰলতা নাই আজি
প্ৰাণীৰ হিয়াত। চাৰি দিশে উঠে ৰোল
খোযৱা-কামোৰাৰ -
হাহাকাৰ ব্যক্তিত্বৰ দাবী।"— “বিৰহ’’ )

—ইয়াত এহাতে যেনেকৈ পূৰ্ববৰ্ত্তী সৌন্দৰ্য্য আৰু মাধুৰ্য্যৰ ঠাইত বৰ্ত্তমানৰ কাৰ্য্যৰ উল্লেখে ঠাই পাইছে, আন হাতে মানৱীয় অনুভূতিতকৈ সেই কলেক্টিভিজিম, আৰু সমাজৰ অথিৰ-সমতা (অনষ্টেবলু ইকুইলিব্ৰিয়ম্) প্ৰকাশ পাইছে।

"তোমাৰ অসম আৰু
মহিমা-মণ্ডিত তাত নাই অসমীয়া -
কঙ্কাল-শঙ্কুল চাৰি দিশ ......
খুন্দা খাই ভায়ে-ভায়ে
আজোঁৰ-পিজোঁৰ কৰে নিজৰ মঙহ।
মাতৃ-ৰক্ত অধৰত লই গৌৰৱত আপোন-পাহৰা।...
জাগাঁ, জাগি উঠা বৰটোপ
উঠাঁ জাগি, বিজয় বাঙ্কাৰে।...
নতুবা—শত শত বৰিষৰ সুপ্ত অগ্নি-শিখা
কৰা উদ্গীৰণ; ছাই কৰি কুম্ভকৰ্ণ-দেশ,
সোণৰ কঠীয়া পুনু দিয়াঁ ছটিয়াই—
ৰত্ন-বৃক্ষ গজক আকৌ।”— “বঙ্গ-বৃক্ষ গজক আকৌ")

 ইয়াতো সংঘাত-সংঘৰ্ষ আৰু ধ্বংসৰ সঙ্কল্প-যন্ত্ৰই বিশেষভাবে উচ্চাৰিত হৈছে; সোণৰ কঠীয়া” ক'ৰ পৰা আনিব আৰু 'ৰত্ন-বৃক্ষ” কেনেকৈ গজিব, তালৈ বিশেষ চকু নাই; যিহেতুকে আগতে কোৱাৰ দৰে, এই নতুন বেদ ঘাইকৈ ‘নেতি’-বাদী।

“ৰক্ষকে ভক্ষক হই গঢ়িছে শ্মশান।
দৰিদ্ৰৰ চকুলোৱে পৰা নাই আজি
হিয়াহীন সাগৰত তুলিব জোৱাৰ।........