“তুমি—মোৰ মনেৰে নোপোৱা ঢুকি, জানো কিবা কিবা;
তুমি—মোৰ ভাবৰ অভাৱ ভাব, জানো কিবা কিবা;
তুমি—মোৰ কথাৰ আকাল কথা, জানো কিবা কিবা;
তুমি— মোৰ গুণৰ অতীতে থকা, জানো কিবা কিবা;
তুমি—মোৰ জপৰ অতীত ৰূপ দেহ-জগতৰ;
“তুমি— মোৰ নজহা-নপমা, তুমি জানো কিবা কিবা?”
তুমি—মোৰ প্ৰাণৰ প্ৰাণৰ প্ৰাণ প্ৰাণে স’তে সনা;
কিবা-কিবি কিবা তুমি নিচিনা-নজনা।”
মুঠতে ৺পদ্মনাথৰ "তুমি"ত তেওঁৰ জীৱন-“উষাৰ পবিত্ৰ জ্যোতি আতুৰ নয়নৰ” দৰে, এটি “ললিত ৰাগিণী ৰাগ হিয়া পমা সুৰ” আৰু “উত্তমৰ উত্তমখিনি জানো কিবা কিবা”—এটি অনিৰ্বচনীয় সৌন্দৰ্য্য দেখা পাওঁ আৰু স্যেলীৰ স্কাইলাৰ্ক কিয় স্বয়ং স্যেলিৰ দৰেই⸻
“ওখলই আৰু ওখলই উঠি উঠি তুমি গীত গোৱা;
জুই-আঙনিৰ মেঘ হই, নীলাকাশ পাখিৰে কোবোৱা;
গীত গাই উঠি উঠি যোৱা, উঠি উঠি পুনু গীত গোৱা।”
ৰায় চৌধুৰীৰ “তুমি”ৰো লক্ষ্য-স্থান একেই; কিন্তু ইয়াত, লেখকৰ নিজ ভাষাৰেই, “এইটো হলে ভালকৈ জানো যে বিশৃঙ্খল গতিত গৈ থকা জীৱনৰ প্ৰথম ভাগৰ উদভ্ৰান্ত প্ৰেমটোৱেই শেষত সমজাতীয় সহানুভূতি আৰু অনুভূতিৰ ভিতৰেদি প্ৰকৃতিৰ বিশ্ব-ভৰা উদাৰ সৌন্দৰ্য্য অতিক্ৰম কবি, বিৰহ-অভিমান আদি নানা অৱস্থাৰ মাজেদি সকলোবিলাক আসক্তিৰ হাত এৰাই অনন্তৰ লগত সান-মিহলি হৈ পৰে।”
আৰু সেই অনুসাৰেই তেওঁৰ “তুমি”য়ে সাতোটি তৰঙ্গৰ ক্ৰমে, প্ৰথমটিত তেওঁৰ “বিশৃঙ্গল গতিত গৈ থকা জীৱনৰ প্ৰথম ভাগৰ উদ্-ভ্ৰান্ত প্ৰেমটো,” দ্বিতীয়টিত “সমজাতীয় সহানুভূতি আৰু অনুভূতি’’, তৃতীয়টিত “প্ৰকৃতিৰ বিশ্ব-ভৰা উদাৰ সৌন্দৰ্য্য’’, চতুৰ্থ, পঞ্চম আৰু ষষ্ঠত “বিৰহ-অভিমান আদি নানা অৱস্থাৰ মাজেদি সকলোবিলাক আসক্তিৰ হাত এৰাই” শেষ বা সপ্তমটি তৰঙ্গত “অনন্তৰ লগত সানমিহলি হৈ’’ পৰিবৰ প্ৰয়াস কৰিছে।