পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অসমীয়া সাহিত্যৰ অধ্যয়ন

“তুমি” কবিতা—অম্বিকাগিৰি

ৰহস্যবাদী (ছুফি) কবি এনে লিখিছিল, মই মোৰ প্ৰিয়াৰ দুৱাৰত টোকৰ মাৰিলোঁ৷ ভিতৰৰ পৰা মাত আহিল,-“কোন সেয়া?” সমিধান দিলোঁ ‘মই’। তাৰ পাছত সকলো নিমাত। দুৱাৰ মেল নাখালে। মই নিৰাশা- শোকত জ্বলা-কলা হলোঁ। মোৰ অহংকাৰ লোপ পালে। আকৌ আহি সেই দুৱাৰত টুকুৰিয়ালোঁ। ভিতৰৰ পৰা আকৌ আগৰ দৰেই কোৱা শুনিলে,-'কোন সেয়া?’ এইবাৰ মোৰ মুখত ওলাল—“তুমিয়েই’। তেতিয়া দুৱাৰ মেল খালে। ৰহস্যবাদী মহৎ (ছব্লাইম্) কবিতাৰ বিতোপন সাজেৰে এয়ে হিন্দুৰ গভীৰ দাৰ্শনিক “সোহহং” বা ব্ৰহ্মাম্মি আদি ভাব, সন্দেহ নাই।

 কেইবা বছৰো হৈছে অম্বিকাচৰণ ৰায় চৌধুৰীৰ প্ৰণীত “তুমি” নামৰ কবিতা এটি প্ৰকাশিত হৈছে (১৮৩৭ শত )। ইয়াৰ আগে-পিছেও “তুমি” নামৰ বা তেনে জাতিৰ অসমীয়া কবিতা কিতাপ আৰু আলোচনীৰ পাতত কেইবাটিও ওলাইছে। সেইবোৰৰ ভিতৰত, পঢ়াশলীয়া কালতে ঢুকোৱা, “ন-বোৱাৰী’’ সামাজিক নাটক ৰচয়িতা, ৺পদ্মনাথ শৰ্ম্মাৰ প্ৰায় ১৮৩৪-৩৫ শক মানতে “বাহী”ত প্ৰকাশিত “তুমি” কবিতাটি বিশেষভাৱে উল্লেখযোগ্য।

 ৺পদ্মনাথৰ “তুমি” স্বৰূপতে তেওঁৰ দৰেই এটি প্ৰতিভাৰ ঢেপাকলি; তেওঁৰ “তুমি”ত প্ৰকৃততে সেই স্বৰ্গ-মৰ্ত্যৰ মিলনৰ নিৰ্মল চক্ৰবাল ৰেখা জিলিকি উঠিছে; পৃথিবীৰ ধূলি-মাকতি তাত নাই। কবিতাটিৰ পাতনিতে সেই সুৰ বাজি উঠিল—

“তুমি—মোয উষাৰ পৱিত্ৰ জ্যোতি আতুৰ নয়নৰ।”
“তুমি— মোৰ চিকুণ কোমল কেওঁ ধাউতি-বেটুৰ।”
“তুমি—মোৰ কোকিলৰ কুহুধ্বনি, কেতেকীৰ মাত।”—

ইমানেই নহয়, কওঁতে-কওঁতেই আৰু চাওঁতে-চাওঁতেই কিশোৰ কবিৰ কল্পনাৰ তীব্ৰতাত পমি সেই “তুমি” এইদৰে ভাষাৰ অতীত আৰু বৰ্ণনাৰ অতীত যেন কিবা “অবাঙ মনস-গোচৰ’’ হৈ পৰিল—