নুছিৰৱানে (৫৩১-৭৮) তেওঁৰ ৰাজসভালৈ ভাৰতীয় কেইবাজনো পণ্ডিতক নিমন্ত্ৰণ কৰি নিয়া কথাও মন কৰিব লগা!
ইফালে সেই সমস্ত গ্ৰীছীয় আৰু সংস্কৃতৰ বিজ্ঞান-দৰ্শনৰ মূল্যবান গ্ৰন্থাৱলীৰ ভাঙনিৰে পেহ্লৱী ভাষা পৰিপুষ্ট হৈ পৰিছিল। তাৰ পাছত মনেশৰ অনুসৰণত সামাজিক আৰু ৰাজনৈতিক ঐক্য সংঘটনৰ উদ্দেশ্য লৈ ইছলামে সেই বিবদমান জোৰেষ্টাৰ বৌদ্ধ, খৃষ্ট আদি ধৰ্মৰ সন্মেলনৰ চেষ্টা কৰে। দাবিষ্টান্-ই-মাধাহিব আদি গ্ৰন্থই প্ৰমাণ কৰে এই যত্নত ইছলামৰ সফলতা স্থিৰ কিন্তু ধীৰ আছিল; কিয়নো পুৰণি ধৰ্ম-মত আৰু চিত্তালয়বোৰ বহুত শেষলৈকে তাত জীয়াই আছিল। পণ্ডিত ব্ৰাউনৰ মতে সেইদেখি ইছলামৰ সভ্যতা এছিৰিয়া, বেবিলনিয়া, পাৰস্য, ভাৰত আৰু গ্ৰীছৰ প্ৰাচীন সভতাৰ উত্তৰাধিকাৰী হৈ পৰিছিল।
ছুফি ৰহস্যবাদৰ ওপৰত ভাৰতীয় বেদান্ত দৰ্শনৰ প্ৰভাৱ অসীম। স্বামী গোবিন্দ তীৰ্থই আধুনিকতম গৱেষণাৰ পৰা ওমৰ খয়ামৰ মূল ৰুবায়াৎ- বোৰত বেদান্ত দৰ্শনৰ উপৰিও খৃষ্টপূৰ্ব যুগৰ কবি ভৰ্তৃহৰি আৰু খৃষ্টীয় প্ৰথম কেই শতাব্দীৰ ভিতৰৰ বিষ্ণু শৰ্মাৰ সংস্কৃত শ্লোকৰ শাৰীয়ে শাৰীয়ে মিল দেখুৱাইছে। কবীৰ শঙ্কৰদেৱৰ সমসাময়িক; তীৰ্থভ্ৰমণত যাওঁতে শঙ্কৰদেৱে কবীৰৰ জীয়েকক লগ পাই অহা বাতৰি পাই নিযজে গুৰুজনাক দেখা নেপোৱা বুলি খেদ কৰা কবীৰৰ এটি হিন্দী দোহা প্ৰচলিত আছে :—
“হামু কবীৰা হাৰাম খেৰি। |
চৌদিশ শঙ্কৰ গেল বিছুৰি॥ |