পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৪
অসমীয়া সাহিত্যৰ অধ্যয়ন

মাৰিব। এবং প্ৰকাৰে বৃহৎ ফুকন সেনাপতিয়ে জলে-স্থলে বাহিনী কটক ৰাখিলে। বঙ্গাল লুইতৰ উত্তৰে জলে-স্থলে চক্ৰবহু কৰি আছিল। সেনাপতি ফুকনে বঙ্গাল ধৰিবলৈ আলচ পাতিলে। অচ্যুতাই মেল পাতি বোলে “সময় হোৱা নাই।’’ ফুকনে গৰ্জন কৰি বোলে, “মোমাইক কাটিলোঁ, বামুন-গণককো কাটিম।’’ অৰ্দ্ধদণ্ড পৰে অচ্যুতাই কুমায়ুন হিলৈত টিঙ্গিৰি মাৰি বোলে, “দেউতা, স্বৰোদয় মতে উত্তম পাইছোঁ। এহিক্ষণ শুভক্ষণ, বঙ্গালক ধৰক।” সেনাপতি ফুকনৰ নাপৰীয়া। চাৰি গোট ভূঞা পোৱালীৰ কানত খাটোলা দি খাটোলা সহিতে নৌকাত উঠি বঙ্গালক ভেটি ধৰিলে। তয়াময়া যুদ্ধ লাগিল। বঙ্গালৰ তিনি কুৰি বাৰখানি নৌকা ফুকনৰ সাতখানি নৌকাই মাৰিলে। হাবুঙ্গীয়া বৰুৱাৰ বাৰু তেওঁৰ চৰা নৌকাত অচ্যুতাই ১১ জন দলৈ সহিতে বাৰম্বাৰ মন্ত্ৰপুত কৰি কুমায়ুন, বৰহিলৈ, গঠীয়া, ধিমক, পাখৰকলাই ফুটালে। বঙ্গাল পলাবলৈ লাগিল। সেনাপতি ফুকনে বঙ্গাল খেদাবলৈ নাও মেলে, অচ্যুতাই বাৰণ কৰে। ৰাত্ৰি বঙ্গালৰ কোঠত অগ্নি জ্বলিল। ফুকনে বোলে “আক্ৰমণ কৰ।’’ অচ্যুতাই খোলে “ধৰিবৰ নৌ, মজা দেখিবৰহে সময়।’’ পৰদিন প্ৰভাতে বঙ্গাল কোঠ এৰি পলাই গল। ৺মহাৰাজৰ জয় হল। বৃহৎ ফুকনে দুঅঁৰা ভেৰী, ছকুৰি জয়ঢোল ৰজাই গুৱাহাটী অঞ্চল মানাহ পৰ্য্যন্ত ললে॥”

⸻⸻


জিকিৰ আৰু ছুফি ৰহস্যবাদ

ছুফি ৰহস্যবাদৰ ঐতিহাসিক অজ্ঞতাৰ হেতুকে বহুতে পঞ্চদশ শতিকাৰ নৱবৈষ্ণৱ আন্দোলনত বিদেশী প্ৰভাৱৰ বিভীষিকা দেখিবলৈ পায়। খৃষ্টপূৰ্ব শতিকা দুই-একত ওমৰ খয়ামৰ জন্মভূমি পাৰস্যৰ খোৰাছান আদি প্ৰদেশ জোৰেষ্টাৰ আৰু বৌদ্ধ ভক্তসকলৰ মিলন-স্থল আছিল। খৃষ্টীয় প্ৰথম দুই-এক শতিকাৰ পাছত আৰু ঘাইকৈ ছেছানীয় যুগত (২২৬-৭৫০) জোৰেষ্টাৰ আৰু বৌদ্ধ মতৰ লগত খৃষ্ট ধৰ্মৰ সমন্বয় ঘটোৱা মনেশৰ প্ৰবৰ্তিত ধৰ্ম তাত প্ৰচলিত হৈছিল। পাৰস্যত ইছলামৰ প্ৰবেশৰ আগতে ন্যায়ৱান