এনে নানা কাৰণত ধৃতৰাষ্ট্ৰই ছল কৰি ভীম আদি পঞ্চ পাণ্ডৱক জতু-গৃহত
পুৰি মাৰিবলৈ চেষ্টা কৰিছিল, তাৰ পৰা তেওঁলোকে জানিবা নিজ বাহু আৰু
কপালৰ বলেৰে সাৰি গৈ শেষত বকাসুৰৰ ৰাজ্য পালেগৈ। তাত জানিবা
তপত খোলাৰ পৰা আকৌ জুইতহে পৰিবৰ উপক্ৰম হলগৈ। কিয়নো সেই
দেশৰ ৰজাক বছৰি তেওঁৰ ভোজনৰ বাবে এজন মানুহ লাগে, আৰু সেইমতে
স্বয়ং ভীম এদিন তেনে “পঞ্চা” হৈ যাব লগা পালত পৰিল। তাৰ বাবে সেই
দস্তুৰ মতে ভীমক চৌদলত তুলি নানা বস্ত্ৰ-অলঙ্কাৰ পিন্ধাই লৈ গল, যেন “দণ্ডে-
ছত্ৰে ভীমক পাতিলা যুৱৰাজ।” আৰু “সূৱৰ্ণৰ খাটে পাছে থৈলন্ত বৈসাই।
হাতে-গলে বান্ধি থৈলা জিঞ্জিৰি লগাই॥’’ এনে আচৰিত “যুৱৰাজ’’ হৈ
থাকোঁতে ভীমে বকাসুৰৰ অদ্ভুত ভোজনৰ দিহালৈ মন কৰিলে। তাত আন
আন তালিকাৰ লগত অসমীয়াৰ পুঠি মাছ খৰিকাত দিয়াৰ দৰে হৰিণ ছাগলি
আদি “কাঠিয়ৰা’’ কৰা আৰু “খৰিকা জহাৰ পিঠা অনেক দমাই’’ থোৱাও
দেখিলে। এনেতে জানিবা “বকাসুৰ আসি পাছে লগাইলেক সাৰি। দুখ
হন্তে অসুৰে মাৰিলা নাক-জাৰি॥”
এই “নাক-জাৰি” শুনি ভীম সতৰ্ক হল আৰু লোহাৰ শিকলি ছিঙি বকাসুৰ প্ৰভুৰ ভোজনত নিজক পাৰে মানে সহায় কৰিলে। তদুপৰি “ভাত খাই ভীম সেনে পাৰয় টকালি। ঘনে ঘনে হাসি মাত্ৰ তোলে খলখলি॥” বকাসুৰক দেখি তেওঁ সম্ভাষণ জানালে, “হাত তিনি চাৰি তোৰ বাঢ়ি আছে দান্ত। সোমাৱতে জানো লাগয় চালত॥ খুমুচি আকাৰ মুখ দেখিবাক ভাল। পথ চাঞ্চিবাক যেন হাড়িৰ কোডাল॥’’ এই সকলো গঢ়-গতি দেখি বকাসুৰ স্বৰগ- পৰা মানুহৰ দৰে হল। কি কথা বোলে? “আন দিনা বলি দেখোঁ গৰ্ভ যায় গলি। আজি বলি গোট দেখোঁ হাসে খলখলি। তথাপি বকাসুৰে ভদ্ৰতাৰ খাটিৰত’ সুধিলে, “বলি হুয়া কি কাৰণে খাইলি মোৰ অন্ন?” আৰু তাৰ উপযুক্ত সমিধানৰ পৰাও তেওঁ বঞ্চিত হব নালাগিল—“গৃহস্থে নখাইলে কোনে দিয়ে কুকুৰক?” তাৰ পিছত অৱশ্যে ক্ৰমে বকাসুৰ আৰু তেওঁৰ ভায়েক জঙ্ঘাসুৰৰ লগত ভীমৰ কৰমৰ্দ্দন আদি কাৰ্য্যকৰী সম্ভাষণ হল আৰু তাৰ ফল স্বৰূপে দুই ভাই পৰি থাকিল “দান্ত নিকোটাই।”
এইদৰে নানা ক্ৰীড়া-কৌতুকেৰে ভৰা ভীমৰ শৈশৱ কাল চুচৰি-বাগৰি যাবলৈ লাগিল। ভীম বৃকোৰৰ; গতিকে আনৰ যিহেৰে পেট ভৰে, ভীমৰ সেয়াৰে