পেটৰ খজুৱতিকে নমৰে। “ভীমে আনে আলু কচু ঢেকিয়া কোঞ্চাই। কতো
দিন খায় কতো উপবাসে যায়॥” গতিকে এদিন যুধিষ্ঠিৰক কলে, “শুকাই
গৈলেক দেহা অন্নৰ দুঃখত॥ মেলানি দিয়োক দাদা কৈলাসক যাওঁ। মহাদেউৰ
গৰু চাড়ি পেট প্ৰৱৰ্ত্তাওঁ॥” লগতে ইয়াকো কৈ থলে, “কিছুমান শৰ মই
শিকোঁ শঙ্কৰত!” অনুমতি লৈ ভীম কৈলাস পালেগৈ, আৰু মহাদেউক তেওঁৰ
প্ৰথম উদ্দেশ্যৰ কথা বলে। শিৱৰ লগত তেওঁৰ কাৰ্য্যৰ দিহা প্ৰায় ঠিক হৈছে,
এনেতে কাৰ্ত্তি গণপতি পাছে তৈকে আসি ভৈলা। দূৰ হন্তে দেখি দুই ভীমক
চিনিলা॥ বোলে এই পুষ্প ভঙ্গা দাৰুণ চৱাল।... বন মাঝে আছে ইটো আমাক
কোবাই।” কথা অলপ গহীনেই; কিয়নো কাৰ্ত্তিক-গণেশৰ অনুমান সম্পূৰ্ণ
সচা। শিয়ান মহাদেৱে জানিবা সিহঁতৰ মাজত সোমাই পাতনিতে তাৰ
উপসংহাৰ কৰিলে—
হেন শুনি মহেশে হাসিলা মুচুকাই। মোৰ পুত্ৰ বুলি কিবা তোৰাক চিনয়॥
নিচিনি-নজানি দ্বন্দ কৰিলেক বনে। এৱে শিশু থাকিবে আমাৰ ভৱনে॥
নিচিনিলে নজানিলে জানিবেক কোনে। আৱে যদি মাৰে মন্দ বুলিবা তেখনে॥
এনেতে পাৰ্ব্বতীও ওলালহি আৰু “গৰু চাৰিবাৰ শুনি আশ্বাস কৰিলা।” ঘৰৰ গিৰিহঁতনীৰূপে তেৱোঁ ভীমক কামৰ তালিকা দিলে। তাৰ ভিতৰত প্ৰধান হল, তেওঁলোকৰ ঘৰৰ “এগুটি বলদ’’, তাকে কাৰ্ত্তিক-গণেশ আৰু ভীম তিনিও ৰাখিব লাগিব। দ্বিতীয়তে, আৰু তাতকৈ কোনো গুণে এলা-পেচা নহয়, “হৰাইলে ভঙ্গুৱা আৰু আনিবি বিচাৰি।” তাৰ বিনিময়ে “যতেক লাগয় মানে অন্ন দিবো তোেক।” ভীম কিন্তু এনে কেচা দিহাত মান্তি হোৱা ভকত নহয়; মুখৰ লাজ কাতি কৰি তেওঁ পকা বন্দৱস্তৰ বাবে পাৰ্ব্বতীৰ আগত খাটাং কথা কলে।—
হেন শুনি ভীমে পাছে বুলিলা বচন। শুনা আই কহোঁ আগ-কথাৰ কাৰণ॥
এতিক্ষণে ৰাখাঁ যদি মোক তুমি আই। পাছে জানো বোলা ইটো বহু ভাত খায়॥
হেন শুনি পৰ্ব্বতীয়ে তুলিলেক হাস। টিপচি গোটেনো তই কত ভাত খাস॥
চৌষষ্টি যোগিনী খায় আৰু ভূতগণ। তোক লাগি আমাসাৰ নুজুৰিবে অন্ন॥