নৰনাৰায়ণ ৰজাৰ পৰা গোটেই মহাভাৰতখন মূল সংস্কৃতৰ পৰা অসমীয়ালৈ পদ
কৰিবলৈ পায় আৰু সেই অনুসৰি মহাভাৰতৰ অষ্টাদশ পৰ্ব্ব সমুদায় এওঁ ভাঙে।
ইয়াৰ উপৰিও, কুলাচলবধ, বঘাসুৰ বধ, ভীমচৰিত আদি কেবাখনো কাব্য এওঁ
ৰচনা কৰে; নিজে কোৱা মতেই এওঁ ৰচা পদৰ লেখ পঁচিশ হাজাৰ। বহুতে
সৌ সিদিনালৈকে ৰাম সৰস্বতী আৰু অনন্তকন্দলী এজন আৰু একেজন কবি
বুলি ভ্ৰমত পৰিছিল; সম্প্ৰতি সেই ভুল আঁতৰিছে। অৱশ্যে কবি স্বৰূপে
এওঁলোকে দুজনৰ ৰিজনি একেবাৰে অশুৱনী নহয়; দুইজন কবিৰে কবিতাৰ
ভাষাৰ ওপৰত অধিকাৰ অসাধাৰণ আৰু ৰচনা-শক্তিও বিপুল।
ৰাম-সৰস্বতীৰ জতুৱা বাক্য-ৰীতি আৰু ঘৰুৱা শব্দ-বাচনি বৰ মোহ-লগা। “বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ’’ত আৰম্ভ কৰিয়ে “কহোঁ কথা পাণ্ডৱৰ চৱাল কালৰ” বুলি ‘চয়াল’ এই স্থানীয় ঘৰুৱা মাত সুমুৱালে। তাৰ পাছত কৌৰৱ আৰু পাণ্ডৱসকলৰ অপূৰ্ব্ব ক্ৰীড়া-কৌতুক বৰ্ণনা আৰু ভীমৰ কাহিনী— ক্ষীৰ লাড়ু, সবাহাৰে কাঢ়ি কাঢ়ি খায়। গালি পাৰিলেও গাল ভাঙ্গে চহৰাই॥ সাত পাঞ্চ চৱালক জোৰে আনি হাল। হেঙা টনা দিয়া নেই শৰীৰৰ ছাল॥
এদিন এটা বৰ ৰহস্যৰ কথা হল। সকলো লৰাই পকা জামুক খাবলৈ যাবলৈ আলচ পাতিলে। কিন্তু “সৱে বোলে ভীমত নকৈবা কথা ভাই। ভাল ভাল পকা ফল সৱে কাঢ়ি খায়॥” এই বুলিয়েই সিহঁতৰ কালক খালে! সিফালে কৌৰৱহঁতৰ কোনো গৈ গছত উঠিল, কোনোৱে বা তলত জামুক বুটলিছে; আৰু ইফালে ভীমে “কৈক গৈল শিশু বুলি ফুৰে গেৰিয়াই।” শেষত “খোজ গুড়ি গুড়ি যাই” সিহঁতক দেখা পালে।—
লাগ পাই বৃক্ষৰ মূলত ভৈলা ঠিয়। দেখি শিশুসকলৰ উড়ি গৈল জীৱ॥
কতো ফল দিয়ে আনি ভীমৰ হাতত। ক্ষমা কৰাঁ বৃকোদৰ ধৰোঁ চৰণ॥
ভীমে বোলে তোৰ ফল নালাগে বোপাই।
পাৰি খাইবে লাগি জানো মোৰ হাত নাই॥
আগে নমাতিয়া সৱে আসিলি গৰ্ব্বত।
আৱে পকা ফল যাচ কিলৰ ভয়ত॥”
এই বুলিয়েই সিহঁতৰ কাবৌ-কোকালি সত্ত্বেও ভীমে গছ জোকাৰি সিহঁতক গছৰ পৰা জামুক সৰুৱাদি সৰুৱাবলৈ ধৰিলে, গছো মাজতে ভাগি থাকিল।