পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভীম-চৰিত—ৰাম সৰস্বতী

পুৰণি অসমীয়া সাহিত্য ঘাইকৈ অনুবাদমূলক দেখিয়ে আৰু তাত কবি- কল্পনাই মুক্ত স্ফুৰণৰ সকাহ অতি তাকৰ পায় বুলিয়ে হয়বা আমি তাত হস্য-ৰসৰ উপাদান যথেষ্ট নাপাওঁ; কিন্তু সেই বাবেই ই যে একেবাৰে হাস্যৰস বৰ্জ্জিত, এনে হব নোৱাৰে। এফেৰা আহৰি বা চেলু পালেই এই বৈষ্ণৱ কবিসকলৰ কল্পনাই হাঁহিৰ জিলিঙনি মেলি উৰা মাৰিবলৈ পিছ পৰি নাথাকে, “ভীমচৰিত” এই কথাৰে এটি উৎকৃষ্ট পটন্তৰ।

 এই পুথি মহাভাৰতৰ আদিপৰ্ব্বৰ অন্তৰ্গত আৰু তাতে আউজি লিখা এখনি মৌলিক অসমীয়া পুথি। ভীমৰ কাহিনী স্বয়ং হাঁহি-উঠা কথাৰ ৰহঘৰা; তাতে এই বৈষ্ণৱ কবিজনে সাহিত্যৰ যিখিনি বহন সানিছে তাৰ পৰাই আৰু উপাদেয় হৈছে। ছোৱালী কালত কুন্তীয়ে দুৰ্ব্বাসা মুনিক অতিথি-সেৱাৰে সন্তুষ্ট কৰি তেওঁৰ পৰা এনে মন্ত্ৰ লাভ কৰিছিল যে তাৰ বলেৰে তেওঁ যেই সেই দেৱতাক আৱাহন কৰি আনিব পাৰিব বুলিছিল। পাছত তেওঁৰ স্বামী পাণ্ডুৱে নিজে কুন্তীৰ গৰ্ভত পুত্ৰ উৎপাদন কৰিবলৈ অসমৰ্থ হৈ কুন্তীক অনুমতি দিয়াত তেওঁ পোনতে পূৰ্ব্বৰ মন্ত্ৰেৰে ধৰ্ম্মক আৱাহন কৰি তেওঁৰ সঙ্গমত যুধিষ্ঠিৰক লাভ কৰিলে। তেতিয়া দেৱতাসকলে কুন্তীক কলে বোলে বামুণৰ ভিতৰতহে ধাৰ্ম্মিকক শ্ৰেষ্ঠ বুলি ধৰে; ক্ষত্ৰিয়ৰ মাজত বলিষ্ঠহে শ্ৰেষ্ঠ, গতিকে তেনে এটি পুত্ৰৰ বাবে সাধনা কৰাঁ। তেতিয়া পুনৰ পৱন-সঙ্গমত কুন্তীয়ে ভীমক লাভ কৰে। ভূমিষ্ঠ হলত মাকে দাঙি লব খুজি দেখে, সি পৰ্ব্বত যেন গধুৰ; তেতিয়া পৰ্ব্বতৰ ওপৰত ভীমক ঠেকেচ্ কৰে পেলাই দিয়াত সেই পৰ্ব্বত কঁপিল আৰু তাৰ শিল, গছ আৰু টিঙ্ ভাগি মষিমূৰ হল।

 অসমীয়া ভীমচৰিত-প্ৰণেতা কবি ৰাম সৰস্বতী। এওঁৰ জন্মঠাই বৰপেটাৰ পাটচৌৰা গাঁও আৰু এওঁৰ পিতৃৰ নাম ভীমসেন কবি চূড়ামণি; এওঁ সুপণ্ডিত আৰু শুদ্ধাচাৰী বামুণ আছিল। ৰাম সৰস্বতীৰ মাতৃয়ে ৰখা নাম অনিৰুদ্ধ; কবিচন্দ্ৰ, ভাৰতচন্দ্ৰ, ভাৰতভূষণ, ৰামসৰস্বতী আদি তেওঁৰ উপাধিৰাশি। এওঁ খৃষ্টীয় ষোড়শ শতিকাৰ আগ-ছোৱাৰ কবি; শ্ৰীশঙ্কৰদেৱৰ অনুগ্ৰহত এওঁ