পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৪
অসমীয়া সাহিত্যৰ অধ্যয়ন


“তোৰ ঘৰে আসি, গৰু চাৰি ফুৰোঁ, কৰকৰা ভাত খাই।” যি অনন্ত শয্যাত শয়ন কৰি নিজ নাভি-কমলৰ পৰা ব্ৰহ্মাক স্ৰজন কৰিলোঁ, যি হংসৰূপে গৈ স্বৰ্গ থৰহৰি কম্পমান কৰিছিলোঁ, মুনি-সিদ্ধ সকলোকে আত্ম-তত্ত্ব বুজাই সকলোৰে পৰম ভক্তি-ভাজন হৈছিলোঁ; “আৱে আসি মই, কৰাতব কাজী, নভৈলোঁ তোহোৰ ঘৰে।’’

 আকৌ ময়েই ব্যাসৰূপে চাৰিও বেদৰ শাখা ভেদ কৰিলোঁ, “জ্ঞান-কৰ্ম্ম- ভক্তি আৰু প্ৰবৃত্তি-নিবৃত্তি মাৰ্গ দেখুৱালোঁ, আৰু বেদৰ সাৰৰূপ ভাগৱৎ ধৰ্ম্ম স্থাপন কৰিলোঁ; “মুৰ্খতো অধিক, কবি আৱে তুমি, মোক বোলা জড় কানু।” অসুৰৰ ভয়ত দেৱতাসকলে মোক চিন্তা কৰাত যেতিয়া মই দেখা দিলোঁ, মোৰ ৰূপৰ চমক লাগি ত্ৰিদশ মোহিত হল, অথচ “আৱে তুমি মোক, বিগুটীয়া মাতা, কলীয়া কলীয়া বুলি।’’ যিজনে মোহিনীৰূপে সাগৰ-মন্থনত দেৱতাক অমৃত-পান কৰালোঁ, তেওঁ “তোৰ ঘৰে আসি, বৰ যশ পাইলোঁ, লৈলোঁ দধি- চোৰ নাম।” যিজনে কলিৰূপে কৰ্দ্দমৰ ঘৰত অৱতীৰ্ণ হৈ তত্ত্ববিচাৰ কৰি দেৱ- হুতী নানে মাতৃক তাৰিছিলোঁ, “আৱে আসি মই তযু ঘৰে আছোঁ, দেহাক কৰি স্বচ্ছন্দ। আছোক আমাত, জ্ঞান সুধি লৈবা, দিনে-ৰাতি কৰা দ্বন্দ।’’ মই বামনৰূপে বলিক ছবি বিশ্বৰূপ দেখুৱালোঁ, ভৰিৰ নখেৰে গঙাক নমাই দিয়াত মহেশে বাটত পাই মোৰ সেই পদ-জল শিৰত ঠাই দিলে; “আৱে তুমি মোক, বিগুটীয়া মাতা, দিয়া মাটি খোৱা দায়।” এই দৰেই আৰু কিমান ক’ম, শুনিবা কিমান? মুঠতে, “আনো যত মোৰ মহিমা আছয়, কহিবাক লাগে কিক। মই হেন পুত্ৰৰ, মাৱ বোলাইবাক তোমাৰ আছোক ধিক।”

 ইমান কৈও কৃষ্ণৰ হেপাহ নপলাল। আকৌ কলে, “কাঠ-বাঁজী বুলি, জগতে হাসয়, দেখিলে সুমৰে হৰি। মই আসি তোৰ ঘৰে পুত্ৰ ভৈলোঁ, সিটো দুঃখ দুৰ কৰি॥” ইত্যাদি। এই পেন্দুকণা লৰাটিও তেওঁৰ কিৰ্পিণালি স্বভায় দেখি লাজতে তলমূৰ হয়, কবলৈ কথা মুখত নোলায়! তাকে কৈছে,

মোহোৰ মুখত লাজে লাগে বড়, তোমাৰ গুণ কহন্তে।
দুই ওষ্ঠ ফাটি, তেজ বহি যায়, বাঁশৰ বংশী বজান্তে॥
চাই বাতি সোণৰ, বাংশী গঢ়াই নেদ, ৰাজ-পটেশ্বৰী হুই।
গাতত পোতন্তে, পেটাৰি বান্ধন্তে, ধনত লাগিবে জুই॥