ইয়াতকৈ সৰহ বা তাকৰ কি কব? অকল ইমানেও নহয়,—
গৰু ঝাক লাগি, অন্ন দি পঠাস, সিও নোহে এক মুষ্টি।
এক গ্ৰাস খাইলে, আউৰ গ্ৰাস নাটে, যাওঁ আধাপেটী উঠি॥
গৰু আগুড়ন্তে, ধাতু যায় মোৰ, কণ্টক বনৰ সন্ধি।
দোপৰ দিনতো, লৱড়িয়া ফুৰোঁ, নটুৱা টনাক পিন্ধি॥
কুটকুৰা চুলি, পড়ে গৰু-ধূলি, কুকুহ পড়িয়া যায়।
গোটা-গুটি কৰি, জন্টা বান্ধিলেক, তৈলে মাথা দেখা নাই॥
ইমান দুখতকৈও দুখ আছে নে? ঘশোদাৰ দুখ বোটলোঁ বুলিয়েই তেওঁ স্বয়ং জগতৰ পৰমাত্মাই তেওঁৰ ঘৰত গৰু ৰখিছেহি “কৰকৰা ভাত খাই।” যাওক, সেই কথা; কিন্তু যশোদাৰ ফালৰ পৰাও অন্ততঃ কৃষ্ণ ৰাজ-পটেশ্বৰীৰ লৰা, অথচ তেওঁৰ এই অৱস্থা! গতিকে কথা সচাই—“কথাক কহন্তে, ক্ৰন্দস আসয়...”
এয়ে শ্ৰীকৃষ্ণ হিমালয়-অভিমান। তাৰ ওচৰত যশোদা এটি গুড়ি-পৰুৱা। তেওঁ নিজতে নিজে হেৰাল। সেই অৱস্থাত তেওঁ স্বভাৱতে তেওঁৰ উদাৰ মাতৃ-স্নেহৰ জুইৰ জাল সেই অভিমানৰ বৰফ-পৰ্ব্বতৰ কাষ চপাই দিলে,— “পুনু মাতে কাষ চাপি। এৰাঁ হাবিয়াস, মোৰ মাথা খাস, নাকান্দিবা মোৰ বাপী॥” অধিক কি, শিশুৰূপী পূৰ্ণব্ৰহ্মৰ চৰণত যশোদাই সম্পূৰ্ণ আত্মসমৰ্পণ কৰিলে,-“মই অভাগীৰ, ইবাৰ দোষক, মৰষিও বনমালী। আন কালে যদি মোৰ দোষ দেখা, পাৰিবাঁহা মোক গালি॥’’
ৰাতিপুৱাই দিনটোলৈ শ্ৰীকৃষ্ণই যশোদাক ভয় খুৱাই যে ধেমালি কৰিব খুজিছিল, সেই উদ্দেশ্য সিজিল। তেওঁক আৰু কি লাগিছে?—“সন্তোষিত ভৈল মন। একে ডেৱে গৈয়া, কোলাত চড়িয়া, পিবাক লাগিল স্তন॥’’ গতিকে অত পৰৰ মূৰত যশোদাৰ “হাৰলি বোপাই” পূৰ্ণব্ৰহ্মবাদ আৰু আন অৱতাবাদৰ ভিতৰেদি ঘূৰি আহি অন্ততঃ যশোদাক প্ৰমাণ কৰি দেখুৱালে যে পৃথিবীখন সচাকৈয়ে ঘূৰণীয়া !!
বাঁহী, বিংশ বছৰ, দ্বাদশ সংখ্যা; চ’ত, ১৮৫২ শক ৷
⸻⸻