পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৩
কাণখোৱা কাব্য—শ্ৰীধৰ কন্দলী


কওঁতেও এষাৰি মাত অলপ টানকৈ বাজিলেও বাজিব পাৰে, কিন্তু যশোদাই হলে ঠিক সেইভাৱে কোৱা নাছিল –“এত নিদ্ৰা কৰ, কিসৰ ভাগৰ, আদিত্য উদয় ভৈলা।”

 কিন্তু তাতে কৃষ্ণৰ যি উধানটোৰ সমান ঠেহ লাগিল বাকী নাই। যশোদাই কথা নকলে জানিবা টেকেলীয়া কদোৰ গাতহে জুই দিলে৷ চকুৰ পচাৰতে সেই অভিমান যেন হাজৰ-বিজাৰ কদো হৈ অতৰ্কিতে আহি যশোদাক বেৰি ধৰিলে।

যশোদা বাণী, শুনি চক্ৰপাণি, বোলন্ত নমাতা মাৱ।
তোমাৰ আতাই, বোপাই বোলন্তে, নুজুৰায় মোৰ গাৱ॥
দিন চাৰি পাঞ্চ, নুঠিবো নখাইবো, নযাইবো গোৰক্ষ স্থান।
দুৰ্যশ কলঙ্ক, দুঃখ সুমৰন্তে, নসহে মোৰ পৰাণ॥

 এই বুলিয়েই আৰম্ভ কৰিলে! গতিকে কথাৰ ওৰ বহুত দূৰত; “এত নিদ্ৰা কৰ কিসৰ ভাগৰ’’ কাৰণ মাত্ৰ। শিশু কৃঞ্চ এটি যেন-তেন শিশু বুলি ধৰিলে নহব, আৰু এই বুলি ধৰাতেইহে যশোদাৰ যত দায়-জগৰ! কৃষ্ণ শিশু হলেও শিশুৰূপী ভগৱানহে; বৈষ্ণৱী মায়াৰ গুণত যশোদাই এই কথাকে ঘনাই পাহৰে, আৰু তাকে সোঁৱৰাই তেওঁক নচুৱাবৰ ই এটা ডাঙৰ চেলু। যি যন্ত্ৰীৰ হাতত এই মহা বিশ্ব-যন্ত্ৰ নাচিব লাগিছে, তেওঁৰ মানত আৰু যশোদা কোন কুটা। কিন্তু যশোদা যে ভগৱানৰ অতি প্ৰিয় ভক্ত, এই বুলিয়েই যে তেওঁৰ নাচোন চাবৰ এই দিহা! কৃষ্ণই বাক্য-বাণ বৰষিবলৈ ধৰিলে—

মই নাৰায়ণ, জগত কাৰণ, তুমি গোৱালৰ ঝীয়।
তথাপি তোমাক, দেখন্তে ডৰত, উড়ি যায় মোৰ জীৱ॥
যত খাওঁ-দাওঁ, ততো শুখাই যাওঁ, নাই মোৰ উদগতি।
হাত-মুষ্টি যেন, কঙ্কাল খালি যে, বান্ধত ছিণ্ডিল অতি॥

 লালুকিলৈ কি তপত পানী লাগিছে? ভক্ত যশোদাকো “মই নাৰায়ণ, জগত কাৰণ”, ইয়াতকৈ আৰু কি ডাঙৰ ভয় খুৱাব লাগিছে। ইয়াৰ উপৰিও, আৰু কত কথা কৃষ্ণই অভিমানত কৈ গল! নিজৰূপে যি অনন্ত ব্ৰহ্মাণ্ড স্ৰজন আৰু পালন কৰিছোঁ, যাক ব্ৰহ্মা আদি ত্ৰিদশে সেৱা কৰে, সেইজনে