টকাৰ বিচাৰ লগালে। কৃষ্ণই “হাঁচতি মেলিয়া পাছে টঙ্কা তিনি শত। তাৱক্ষণে
বাকি দিলা ৰূপৰ ঠালত।” ধন দেখি হাস্য কৰিলন্ত লক্ষ্মী মাৱে। ইটো ধন
মোক লাগি থৈয়াছে যাদৱে।’’ আৰু তেতিয়াহে পদূলিৰ দুৱাৰ মেল খালে;
অকল পদুলিৰ দুৱাৰেই কিয়, লগতে লক্ষ্মীৰ হৃদয়-কপাটো মুকলি হল আৰু—
“আসিলন্ত প্ৰভু লক্ষ্মী দেখি হাস্য কৰি। খেদ ছাড়ি আগ বাঢ়ি প্ৰভুক সাদৰি॥
নিজ থানে থৈল নিয়া অনেক আশ্বাসে। মহাৰঙ্গে লক্ষ্মী দেবী কৃষ্ণক উপাসে॥’’
“জেউতি” ১৯শ বছৰ, ৪ৰ্থ সংখ্যা
⸻⸻
“কাণখোৱা” কাব্য—শ্ৰীধৰ কন্দলী
পুৰণি অসমীয়া বৈষ্ণৱ সাহিত্য বিশেষভাৱে ভক্তিৰসাত্মক; তাত নৱৰসৰ
সকলোটিয়েই ওপৰঞ্চি মাত্ৰ। এনেভাৱে শিশু কৃষ্ণৰ বিমল আৰু পৱিত্ৰ
ক্ৰীড়া-কৌতুকৰ কল্পনাকে আশ্ৰয় কৰি লিখা শ্ৰীধৰ কন্দলীৰ এধানমানি
“কাণখোৱা” কাব্যখনিৰ দ্বিতীয় কবিতাটিত হাস্যৰস যিদৰে বিৰিঙি পৰিছে,
সি অতি বিতোপন।
ৰাতি পুৱাল। লগে লগে নতুন চেতনাৰে প্ৰকৃতিত সেই নিতৌ-নতুন উছৱৰ সুৰ বাজি উঠিল। তাতে সুৰ মিলাই ব্ৰজৰ গোপ-শিশুসকলৰ উলাহে হিয়া নধৰা হল। তেওঁলোক নন্দৰ ঘৰ পালেহি। কিন্তু আচৰিত কথা, সেইদিনা কৃষ্ণ তেতিয়াও উঠা নাই,—“ৰজনী প্ৰভাতে সুতিয়া আছন্ত মিছা অপমান কৰি।”
এতে পৰলৈ আজি কৃষ্ণ উঠা নাই কিয়, কোনেও নাজানে। সিফালে, কৃষ্ণ নোহোৱাকৈ জানো গোপশিশুসকলৰ ধেমালি আৰম্ভ হয়? গতিকে আটায়ে যশোদাক বেৰি ধৰিলে—“খেড়ি খেলাইবাক লাগয় সুন্দৰী, সত্বৰে কৃষ্ণক ডাক।’’
আজলী যশোদা! কৃষ্ণৰ ক’ত কি হৈছে, কি জানে? মৰমেৰে গৈ জগাই দিলে—“উঠিও কৃষ্ণাই, হাৰলি বোপাই, ৰোষ-তাপ ত্যজি মনে। পুহাইল ৰজনী, উঠা যদুমণি বুলি ডাকে শিশুগণে॥’’ ইমান চেনেহত পমি