সেই ৰামায়ণী গীতৰে ভণিতাৰ বিভিন্ন সময়ত বিভিন্ন বৰণ দেখিবলৈ
পোৱা হয়।—
“সৰস্বতী চৰণত, কৰি শিৰ অৱনত, কবিবৰ দুৰ্গাবৰে ভণে।”
‘ৰামৰ চৰণ সেৱি, ৰচিলা ই গীত ছবি, দুৰ্গাবৰ মহাভক্তি মনে॥’’
এইদৰে "পাৰ্বতী’’, “ব্ৰহ্মাণী,’’ ““সৰস্বতী’’ৰ সেৱক হোৱাৰ উপৰি ৰামৰ ভক্ত হোৱা কথা অস্বাভাবিক হেন লাগিলেও, জটায়ুৰ কাহিনী আছে—
“জটায়ু বোলন্ত হেন নুবুলিবা মোক।
যেৱে দয়া আছে তেৱে নকৰিবা শোক॥
আত পৰে ভাগ্য কোন আছয় আমাৰ।
তোমাৰ প্ৰসাদে পাইবোঁ সংাৰৰ পাৰ॥
নিজ কৰ্মে হওঁ প্ৰভু যেহি সেহি গতি।
সেহি সেহি জন্মে হৌক তোমাত ভকতি॥
বৈষ্ণৱৰ সঙ্গতেসে ৰহোক সৰ্বথা।
মুখে তযু যশ গাইবোঁ কৰ্ণে তযু কথা॥
এনে পদৰ ভাষা দুৰ্গাবৰৰ অন্য গীতৰ ভাষাৰ তুলনাত যেনে অৰ্বাচীন যেন লাগে, ভাবতো ই এটকা বৈষ্ণৱৰ ভক্তিমূলক ৰচনাতকৈ এফেৰিও হীন হব নোৱাৰে। গতিকে মাধৱ কন্দলীৰ নামত সাঙুৰি দিয়া “দেৱজিত’’ পুথিৰ দৰে যদিই বে-নামী বা প্ৰক্ষিপ্ত বোলা নহয়, তেন্তে ইয়াক কি বুলিব পৰা হয় কোৱা টান।
কৃষ্ণ-কীৰ্ত্তন প্ৰসঙ্গত কৈ অহা হৈছে অকল কৃষ্ণক নায়ক ৰূপে কাব্যত ব্যৱহাৰ কৰা বাবেই চণ্ডীদাস কিয়, বিদ্যাপতি আৰু জয়দেবকো বৈষ্ণৱ কবি বুলিব নোৱাৰি; আৰু কৃষ্ণৰ নাম থকা সত্ত্বেও সেইবোৰক ধৰ্ম-সাহিত্যৰ শাৰীত ঠাই নিদি লৌকিক সাহিত্যৰ লগতে বহুৱাব লাগিব। চণ্ডীদাস বিদ্যাপতি প্ৰত্যেকেই দেৱী-উপাসক আছিল, আৰু ঘাইকৈ বিদ্যাপতিৰ দেৱী-উপাসনামূলক গীতবোৰতহে তেওঁৰ আপোন সুৰ বাজি উঠিছিল; ৰাধা-কৃষ্ণৰ গীতবোৰ লৌকিক অনুৰাগৰ নিদৰ্শন স্বৰূপ। এই বিচাৰে জয়দেৱৰ গীত-গোবিন্দ,