পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৫৩ ]

 “শান্ত কৰিলা” সংযুক্ত সমাপিকা ক্ৰিয়া সকৰ্ম্মক, অতীতকাল, তৃতীয় পুরুষ, ইয়াৰ কৰ্ত্তা, হৰি, কৰ্ম্ম নন্দ।

 “বচনে” বিশেষ্য পদ, কৰণকাৰক; শান্ত কৰিয়া ক্ৰিয়াৰে সৈতে সম্বন্ধ।

 “সাদৰি” অসমাপিকা ক্ৰিয়া।

 এই পদৰ অৰ্থ আপোন কথাৰে প্ৰকাশ কৰিলে এই হব। যেনে;
 তাৰ পাছে হৰিয়ে উগ্ৰসেনক ৰজা পাতি মধুৰ বাক্যে আদৰ কৰি নন্দকে শান্ত কৰিলা।

ছন্দঃপ্ৰকৰণ।

 অসমীয়া ভাষাত এই কেইটা ছন্দ সচৰাচৰ ব্যৱহাৰ হয়। যেনে; পদ, ছবি, দুলোড়ি, লেচাৰী, একাবলী, ঝুমুৰী, অমিত্ৰাক্ষৰ।

পদ।

শুনা শিশু মোৰ কথা, অতি ৰঙ্গ মনে।
অসজ লোকৰ সঙ্গ, এৰিবা যতনে॥
সঙ্গ গুণে ভাল মন্দ, হোৱে সংসাৰত।
এই উপদেশ মনে, নেবা কদাচিত॥