পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৫২ ]

 

ক্ৰিয়া, অতীত কাল, সকৰ্ম্মক; ইয়াৰ কৰ্ত্তা বজাই, কৰ্ম্ম পুথী।

পদ্য।

“পাছে উগ্ৰসেনক নৃপতি পাতি হৰি।

ন দকো কৰিলা শান্ত বচনে সাদৰি।”

 “পাছে” ক্ৰিয়াবিশেষণ, পাতি এই ক্ৰিয়াৰে। সৈতে সম্বন্ধ।

 “উগ্ৰসেনক” বিশেষ্য পদ, পুংলিঙ্গ, একবচন, কৰ্ম্মপদ, পাতি এই ক্ৰিয়াৰে সৈতে সম্বন্ধ।

 “নৃপতি” বিশেষ্য পদ, যষ্ঠীতৎপুরুষ সমাস নিষ্পন্ন, পুংলিঙ্গ, একবচন, উদ্দেশ্যবিধেয়রূপে অভিন্ন কাৰক।

 “পাতি’ সকৰ্ম্মক অসমাপিকা ক্ৰিয়া ইয়াৰ কৰ্ত্তা হৰি, কৰ্ম্ম উগ্ৰসেন।

 “হৰি” বিশেষ্যপদ, পুংলিঙ্গ, একবচন, তৃতীয় পুরুষ, কৰ্ত্তাকাৰক, পাতি আরু শান্ত কৰিলা এই দুয়ো ক্ৰিয়াৰে সৈতে সম্বন্ধ।

 “নন্দকো” বিশেষ্য পদ, পুংলিঙ্গ, একবচন, কৰ্ম্মকাৰক, শান্ত কৰিলা এই ক্ৰিয়াৰ কৰ্ম পদ।