পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৯ ]

(ভৰি) অধিকৰণ বাচ্যে যথা; স্থা স্থান, শী শয়ন (শয্যা) ইত্যাদি৷ *

 কৰ্ত্তৃবাচ্যে সাধাৰণ ধাতুৰ পাছত তৃ আরু ণক হয়৷ ণ্‌ অনুবন্ধ অক থাকে৷ দ+তৃ দাতা, দা+ণক দায়ক, কৃ কৰ্ত্তা, কাৰক, বি—ধা বিধাতা, বিধায়ক, যুধ্‌ যোদ্ধা, যোধক, বুধ্‌ বোদ্ধা ইত্যাদি৷

 গমনাৰ্থ আরু অকৰ্মক ধাতুৰ পাছত কৰ্তৃবাচ্যে সকৰ্ম্মক ধাতুৰ পাছত কৰ্ম্মবাচ্যে আরু প্ৰায় সকলো ধাতুৰ পাছত ভাৱবাচ্যে ♰ ক্ত হয়৷ ক্‌ অনুবন্ধ ত থাকে৷ যা+ক্ত বাত, ভী ভীত, মৃ মৃত, প্ৰখ্যা প্ৰখ্যাত, ধৃ ধৃত, উপ—নী উপনীত উচ্‌ উচিত৷

 প্ৰত্যয়ৰ ত পৰে থাকিলে মূচ্‌, যুজ্‌ প্ৰভৃতি কেতবিলাক ধাতুৰ অন্ত্যবৰ্ণ ক হয়৷ মুচ্‌ মুক্ত যুজ্‌ যুক্ত, অতি-ৰিচ অতিৰিক্ত, ভুজ্‌ ভূক্ত, ৰঞ্জ ৰক্ত ‡ ইত্যাদি৷

 প্ৰত্যয়ৰ ত পাছত থাকিলে দৃশ্‌ নশ্‌ সৃজ্‌,


* ভিন্ন ভিন্ন বাচ্যত কেনেকৈ বেলেগ বেলেগ অৰ্থ হয়. তাক ভাললকৈ বুঝাই পঢ়ালে ভাল৷
ভাৱবাচ্যে ক্ত প্ৰত্যয়ান্ত পদ ভাষাত অতি অল্পহে পোৱা যায়।
ন লোপ পায়৷