পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২১ ]

কাল৷

 ক্ৰিয়াৰ কাল তিন প্ৰকাৰ৷ যথা;— অতীতকাল, বৰ্ত্তমানকাল আরু ভবিষ্যৎকাল৷ যি ক্ৰিয়া সমাপ্ত হই গ’ল তাৰ কালক অতীতকাল, যি ক্ৰিয়া আৰম্ভ হ’ইছে শেষ হোৱা নাই তাৰ কলক বৰ্তমানকাল আরু যি ক্ৰিয়া আৰম্ভ হোৱা নাই আগলৈ হ’ব তাৰ কালক ভবিষ্যৎকাল বোলে৷ অতীতকালৰ ক্ৰিয়া যথা; ধৰিলে, ধৰিছিলা, ধৰিলেহেঁতেন৷ বৰ্ত্তমানকালৰ ক্ৰিয়া পদ যেনে; দেখিছোঁ দেখে৷ ভবিষ্যৎকালৰ ক্ৰিয়া যেনে; পঢ়িম, দিব, খাব৷

ষত্ব।

 ই আদি কৰি স্বৰৰ আরু ক আরু বৰ পাছত থকা স ষ হয়৷ যথা;— বিষয়, নিষ্পাপ, পৰিষ্কাৰ, শুষ্ক, গ্ৰীষ্ম ইত্যাদি৷ আরু কোনো কোনো ঠাইত স, ষ নো হোৱাকৈও থাকে৷ যথা;– বিসৰ্গ, বিস্বাদ, নিসৰ্গ ইত্যাদি৷

 টবৰ্গ আরু ঞৰে সৈতে যোগ হ’লে সদাই ষ হয়৷ যেনে;— স্পষ্ট, চেষ্টা, অষ্টম উষ্ণ, কৃষ্ণ, বিষ্ণু৷ ইত্যাদি৷