পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২২ ]

ণত্ব৷

 ঋ, ৠ, ৰ আরু ষৰ পাছত থকা ন ণ হয়৷ যথা;— তৃণ, পূৰ্ণ, তৃষ্ণা ইত্যাদি৷

 ঋ, ৠ, ৰ, ষ আরু ন এই বিলাকৰ ভিতৰত স্বৰবৰ্ণ, কবৰ্গ, পবৰ্গ, আরু য ৱ হৰ আতঁৰ থাকিলেও ন ণ হয়৷ যথা;— কৃপণ, ৰামায়ণ, ভূষণ, ক্ষণ ইত্যাদি৷

 টবৰ্গেৰে সৈতে যোগ হ’লে সদাই ণ ব্যৱহাৰ হয়৷ যেনে;– পণ্ডিত, ঘণ্টা, কুণ্ঠিত ইত্যাদি৷

 গৰ পাছত হ’লে প্ৰায় ণ ব্যৱহাৰ হয়৷ ঘেনে;— গুণ, গুণক, গণ্য ইত্যাদি।

 প আরু কৰ পাছত হ’লে ও কেতিয়া বা ণ হয়৷ যেনে; পুণ্য, নিপুণ, কোণ, কল ইত্যাদি৷

সন্ধিপ্ৰকৰণ৷

 অকে আদি কৰি ৠ লৈকে হ্ৰস্ব আরু দীৰ্ঘ, দীৰ্ঘ আরু হ্ৰস্ব দুই দুই বৰ্ণে সবৰ্ণ হয়৷ যথা;— অ আ এক সবৰ্ণ৷ ই ঈ এক সবৰ্ণ৷ উ ঊ এক সবৰ্ণ৷ ঋ ৠ এক সবৰ্ণ৷ আ অ, অ অ, আ আ এই দৰে থাকিলেও সবৰ্ণ হয়৷