পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২০ ]

বোলে৷ যথা; মহীমামে ভাত খালে, এইটো সকৰ্ম্মক আরু মহীৰাম শুলে, এইটো অকৰ্ম্মক ক্ৰিয়া৷

 সমাপিকা ক্ৰিয়াৰ প্ৰথম, দ্বিতীয়, তৃতীয় এই তিন পুরুষ আছে৷ যথা;— প্ৰথম পুৰুষে, ময় দেখিছোঁ৷ দ্বিতীয় পুরুষে তুমি দেখিছা৷ তৃতীয় পুরুষে, সি দেখিছে৷ ময় দিম, তুমি দিবা বা তয় দিবি, তেওঁ দিব বা সি দিব ইত্যাদি৷ এই দৰে আাটাই বোৰ ধাতুৰেই ভিন্ন ভিন্ন পুরুষে বেলেগ বেলেগ রূপ হব৷

 বিশেষ্য পদৰ দৰে ক্ৰিয়াৰো এক বচন, বহু বচন আছে৷ কৰ্ত্তা এক বচনৰ হলে ক্ৰিয়াও এক বচনৰ হয়, কৰ্তা বহু বচনৰ হলে ক্ৰিয়া পদো বহু বচনৰহে হয়, বহুবচনৰ চিন হক শব্দ যথা;— এক বচন, ময় দেখিছো৷ বহুবচন, আমি দেখিছোঁহক৷ এক বচন তয় পঢ়িলি৷ বহুবচন, তঁহতে পঢ়িলি হঁক৷*

 কিন্তু তৃতীয় পুরুষৰ ক্ৰিয়া হলে তেনে রূপভেদ ন হয়৷ যথা;– একবচন ৰমাই দেখিলে বহুবচন মাইহঁতে দেখিলে ইত্যাদি৷


* কেতিয়াব কৰ্ত্তা বহুবচনৰ হ'লেও তাৰ ক্ৰিয়াৰ রূপ এক বচনৰ দৰে হয় যেনে; আমি খাইছোঁ তহঁতে পঢ়িছনে?