পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
পানী আরু তাৰ ওপৰত সূৰ্য্যৰ ক্ৰিয়া।

নিৰ্ম্মল জল ভাপ হৈ আহি বৰষুণ রূপে আকৌ কিছুমান মাটি বালি উটাই নিয়ে। এই দৰেই অত্যুচ্চ গৰ্ব্বিত ভূধৰ লঘু ক্ষুদ্ৰ বৰষুণৰ টোপাৰ দ্বাৰা দৰ্প চূৰ্ণ হৈ ক্ৰমে মুৰ চাপৰাই লুকাই গৈছে। বৰষুণৰ প্ৰতাপত বাম খাল হৈছে, খাল বাম হৈছে সাগৰ ক্ৰমে তৰাং হৈছে পৰ্ব্বত ক্ৰমে সাগৰৰ সমান হৈছে। কিন্তু এই ক্ৰম অতি লাহে- লাহে ঘটিছে এই নিমিত্ত মানুহে তাক মন নকৰিলে জানিব নোৱাৰে।

  সমুদ্ৰ কি? ওপৰতে উল্লেখ কৰা হৈছে। পৃথিবী পৃষ্ঠ খলা বমা; তাৰে চাপৰ তিনি চতুৰ্থাংশ ঠাই যুৰি সকলো ঠাইৰ পৰা পানী বৈ আহি অখণ্ড জলৰাশি হৈ যত গোট খাই আছে তাৰ নাম সমুদ্ৰ। সমুদ্ৰৰ ওপৰে যি এক চতুৰ্থাংশ ঠাই ওলাই আছে তাৰ নাম ভূভাগ। সমুদ্ৰৰ এখণ্ডই উত্তৰ মেৰুৰ পৰা দক্ষিণ মেরুলকে, আকৌ তাৰ পৰা উত্তৰ মেরুলৈ ঘুৰি সমুদায় পৃথিবী প্ৰদক্ষিণ কৰি, পৃথিবীৰ ভূভাগক পুৰাতন মহাদ্বীপ, আরু নতুন মহাদ্বীপ নামেৰে প্ৰধান দুই খণ্ড কৰিছে। এই সমুদ্ৰ আঙ্গঠিৰ এখন চাকি স্বরূপ: যি ভাগ পানী সুমেৰুৰ চাৰিওফালে আছে তাক সুমেরু সমুদ্ৰ আরু কুমেরুৰ চাৰি ও ফালে দ্বিতীয় চাকিস্বরূপ যি পানী আছে তাক কুমেরু সমুদ্ৰ কয়। কুমেরু আরু সুমেরুৰ সমুদ্ৰৰ মাজত আঙ্গঠিৰ গা স্বরূপ যি দুভাগ আছে তাৰ এভাগৰ নাম স্থিৰ সমুদ্ৰ, আন ভাগৰ নাম আটলান্টিক সমুদ্ৰ। পুৰাতন মহাদ্বীপৰ দক্ষিণ পাৰ মাজতে ঘোৰ খাই কিছু উত্তৰলৈ সোমাই আছে; এই দৰে যি ভাগ সমুদ্ৰ এই ভাঁজ লোৱা পাৰ আরু কুমেরু সমুদ্ৰৰ মাজত পৰিছে সেই ভাগৰ নাম ভাৰত সমুদ্ৰ।

  ভূভাগ যেনে অসমান, সমুদ্ৰৰ তলী খনো তেনে অসমান। তাতো পৰ্ব্বত,উপত্যকা,অধিত্যকা আছে। আরু বায়ু সাগৰ যেনেকৈ অসমান আধাৰৰ ওপৰ ভৰ দি চলে সেই দৰে পানী সাগৰ পৰ্ব্বত উপত্যকাৰে