পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
অদ্ভুত ৰামায়ণ ৷

কোনে হেন সাস কৰি।
ব্ৰাহ্মণৰ বেশ ধৰি॥
হৃদয়ত জালি জুই।
হৰিল কুমৰ দুই॥২২৪
পুত্ৰ এড়ি সীতা সতী।
গৈল পাতালক প্ৰতি॥
তেহে হৰি নিলে হুই।
আত কিছু শঙ্কা নুই॥২২৫
থাকিবে মাতৃৰ ঠাই।
মহা ৰঙ্গে দুয়ো ভাই॥
ৰাঘৱৰ শ্ৰুতি নাই।
বোলে লক্ষ্মণক চাই॥২২৬
দেখহ লখাই বীৰ৷
কেন কৰ্ম্ম পৃথিবীৰ॥
মোহোৰ ভাৰ্য্যাক হৰি।
আছে ঘোৰ দ্ৰোহ কৰি॥২২৭
আৰকা লগাইল আঞ্চ।
নথৈবো ভূমিৰ সাঞ্চ॥
আন বাপু ধনুৰ্ব্বাণ।
কাটি কৰো খান খান॥২২৮