পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৪ )


 পিচে সেই স্পানিয়া দেশৰ কোঁৱৰ তেঁওৰ তলৈ অন হলত তেঁও তাক একোখৰকৈ মাতি নি সি সেই কন্যাৰ নিমিত্তে যে ভাবিচিল সেই ভাৱনা দূৰ কৰিবৰ নিমিত্তে এই বুলি কলে বোলে তুমি আরু ময় দুইও ডেকা সেই দেখি এফেৰিও আসঙ্কা নৰখাকৈ কঁও যিবিলাকে মোৰ তলৈ তোমাৰ খোজা বঢ়া কন্যা আনিচিল সিহঁতে তাইক তুমি অতি মৰম কৰা বুলিও কৈচিল আরু তাইৰ ৰূপ গুণ দেখি সেই কথাত ময় সঁজাত কৰিচোঁ, কিন্তু ময় ভাবিচীলোঁ বোলোঁ তোমাৰ নিচিনা অৱস্থাত পৰা হলে ময়ো অনুগ্ৰহ বাঞ্ছা কৰিলোঁ হঁতন এতেকে ময় তোমাক এটি উপকাৰ কৰিব খোজো যুদ্ধৰ দ্বাৰা ময় তোমাৰ অধিকাৰ হৈচোঁ হয় কিন্তু ময় তোমাৰ মিত্ৰ হব খোজোঁ; এইয়া তোমাৰ তিৰোতা লৈ জোৱা, আৰু সন্তোষ হবা। তুমি নিশ্চয় জানিবা যে তাই মাক বাপেকৰ ঘৰত যেনেকৈ থাকিল হঁতন আমাৰ ইয়াতো তেনেকৈ আচে, যি সুখৰ পৰা সৎ মানুহৰ ধৰ্ম্ম সুখ আরু মৰ্য্যাদা নষ্ট হয় তেনে সুখ ময় চিপিওৱে ভোগ কৰিৱ নোখোজোঁ, মোৰ আরু তোমাৰ যোগ্য দান কৰিবলৈ ময় তাইক ৰাখিচিলোঁ এতেকে এই অমূল্য দানৰ সলনি তুমি মোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ৰোম দেশীয়ৰ মিত্ৰ হোৱা।

 সেই কোঁৱৰে এই কথাত একে সমিধান দিব নোৱাৰি সেনাপতিৰ ভৰিত পৰি বৰকৈ কান্দিব ধৰিলে আরু সেই