পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৩ )



THE GOOD BOY.

.ভাল লৰা কথা।

 ভাল লৰাই তেঁওৰ পাঠৰ প্ৰতি সদাই মনোযোগী আরু ভালকৈ পঢ়িবলৈ সদাই পুরুষাৰ্থ কৰে; কিন্তু বেয়া লৰাৰ অকল উমলিবৰ হে মন, আৰু সেই নিমিত্তে সি নমৰে মানলৈকে মূৰ্খ হৈ থাকে।

 ভাল লৰাই তেঁওৰ পিতৃ মাতৃক বৰকৈ চেনেহ কৰে,তেঁওবিলাকৰ কথা সদাই শুনে আরু সিবিলাকক সন্তোষ দিবলৈ সদাই যত্ন কৰে।

 তেঁওক পিতৃ মাতৃয়ে যি কৰিব দিয়ে তাক কৰে, আৰু যি২ কৰিব নিদিয়ে তাক কেতিয়াও নকৰে; সিবিলাকে তেঁওক কোনো বস্তু নিদিলে তেঁও খঙ্গ নকৰে, কিন্তু ভাবে যে মোতকৈ পিতৃ মাতৃ জ্ঞানী এতেকে মোলৈ যি ভাল তাক ময় যিমান জানো তাতকৈ সিবিলাকে অধিক জানে।

 তেঁও তেঁওৰ অধ্যাপকক আরু যোনে তেঁওৰ হিত কথা কয় তাক বৰকৈ প্ৰীতি কৰে।

 তেঁও নিতৌ ন২ কথা শিকিবলৈ ইচ্ছা কৰে আৰু আশা কৰে যে ময় ডাঙ্গৰ হলে ভালেমান কথা জানি জ্ঞানী আরু ধাৰ্ম্মিক হম।

 তেও ভায়েক ভনিয়েক আরু লগরিয়ার প্ৰতি বৰ মৰমি য়াল তেঁও কেতিয়াও সিবিলাকে সৈতে দ্বন্দ বা মৰামৰি