এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন
তযু নিজ ভৃত্য ভৈলো গুৰু দেৱ
কৰোহো কোটি বন্দন।
কোনে আসি তৈত বনাগ্নি ভৈলন্ত
কহিয়ো তাৰ নিদান॥৩৮৪॥
মাধবৰ বাণী শুনিয়া শঙ্কৰে
দিলন্ত পাছে সিদ্ধান্ত।
মোৰ তেজ চয় ব্ৰহ্মা আদি দেৱে
নিহালিবে নপাৰন্ত॥
অমোঘ তেজৰ অদ্ভুত প্ৰভাৱ
ভকতে মাত্ৰ জানন্ত।
মোৰ শৰীৰৰ তেজ বাজ হুয়া
সেহিতো অগ্নি ভৈলন্ত॥৩৮৫॥
কৌটি সূৰ্য্য নয় মোৰ তেজ চয়
গোপ গোপী নলঙ্ঘয়।
মহাতাপ পায়া অগ্নি বুলি তাক
সবে ভৈলা মহা ভয়॥
সেহিসে কাৰণে গোপক গোপীক
চক্ষু মুদি বাক দিলো।
নিজ যোগ বলে বনাগ্নি তেজক
আপুনি পান কৰিলো॥ ৩৮৬॥
কৰ যোৰ কৰি চৰণত ধৰি
মাধৱে দুনাই পোছন্ত॥
কিকাৰণে কৃষ্ণে যশোদাৰ ঘৰে
মৃত্তিকাক ভূঞ্জিলন্ত॥
শঙ্কৰে বোলন্ত শুনিয়ো মাধৱ
মহা গুপ্ততম কথা।
ধৱলি পিৱলি কাজলি পাৰলি
চাৰি বেদে ভৈলা তথা॥৩৮৭॥
৬২