এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন
তুমি আসি পাছে তাহাঙ্ক দেখিলা
শাপিলাহা ক্ৰোধ মনে।
ডোম চণ্ডালৰ পত্নীৰ সদৃশ
তোহোৰ দেখো লক্ষণে॥ ৩১৯॥
সুবোধন নামে বিদ্যাধৰি সিটো
নটীক আছে নচাই।
সৰ্ব্বদায় সিটো ক্ৰীড়িয়া থাকয়
দুন্দূভি মৃদঙ্গ বাই॥
বলভদ্ৰে বোলে শুনা বিদ্যাধৰ
পাপিষ্ঠ তই নিস্খল।
মোহোৰ ভাৰ্য্যাৰ আগে ক্ৰীড়া কৰ
দিবো তোক তাৰ ফল॥ ৩২০॥
বৰিষেক মানে গৰ্ভ বাসা ভূঞ্জি
ডোমৰ কুলে জন্মিবি।
বিদ্যাধৰ নাম গুচিবেক তোৰ
হীন কূলে উপজিবি॥
মহা কোপ মনে ৰেৱতী তেখনে
তোমাক বুলিবে বাক।
অল্প অপৰাধে কিকাৰণে প্ৰভূ
শাপিলা তুমি আমাক॥ ৩২১॥
মোক অনা দোষে শাপিবাৰ ফল
তোমাত মিলোক স্বামী।
দাস হুইবে প্ৰভূ তোমাৰ লাগক
নিস্তে বুলিলোহো আমি॥
শুনি হাসি পাছে বলভদ্ৰে বোলে
শুনিয়ো ৰেৱতী সতী।
যদ্যাপি তোমাক শাপ দিলো আমি
লভিবা পৰম গতি॥ ৩২২॥
৫১