পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অকণি বীৰাংগনা কনকলতা

বহি নেথাকেই। ককাকৰপৰা ভাল ভাল সাধুকথা শুনে। নজনাটো খৰচি মাৰি জানিবলৈ বিচাৰে। আনকি সৰুসুৰা ঘৰৰ বন এখন দুখনো কৰে। খেলাধূলা কৰাতকৈ এইবোৰকে কৰি তাই ভাল পায়।

তিনি


 পিতাকে কনকলতাক পঢ়াশালিত নাম লগাই দিলে। তাইৰ মনত যে ক’ত ৰঙ! কিতাপ পঢ়িবলৈ পাব, নজনা কথা জানিব। নিজে লিখিব পঢ়িব পাৰিব!! বৰ মনোযোগেৰে পঢ়াশলিত কনকলতাই পঢ়াবোৰ শুনে। জিৰণিৰ সময়ত আন ছোৱালীবোৰে যেতিয়া খেল-ধেমালি কৰে তেতিয়া কনকলতাই একাষত বহি পাঠ আওৰায়, নহ'লে কিবাবোৰ ভাবি থাকে। তাকে দেখি শিক্ষয়িত্ৰী, শিক্ষকসকলে কোৱা-কুই কৰে-‘ছোৱালীটি ডাঙৰ হ’লে ডাঙৰ গুণৰ অধিকাৰী হ’বই।’

  সেইসময়ত ছোৱালী পঢ়াশুনা কৰাটো বৰ সহজ কথা নাছিল। ছোৱালীক পঢ়াশালিলৈ যাবলৈ দিয়া দূৰৰে কথা ঘৰতো কিতাপ হাতেৰে চুব নোৱাৰে। সমাজে তিৰোতামানুহে পঢ়া-শুনা কৰিলে বেয়া কথা বুলিহে ভাবিছিল। কনকলতাই প্ৰাইমাৰী শিক্ষা শেষ কৰি আৰু পঢ়াশালিলৈ যোৱা নহ'ল। তেনেতে কণকলতাৰ মাকো বিয়োগ হোৱাত তাই বৰ দুখ পালে। পিতাকে বিয়াপাতি কনকলতালৈ আৰু এজনী মাক আনি দিলে। নতুন মাকজনীয়ে কণকলতাক বৰ মৰম চেনেহ কৰিবলৈ লোৱাত তাইৰ বৰ ভাল লাগিল। নতুন মাকে তাইক ঘৰুৱা কামবন, বোৱাকটা শিকালে। চিলাই কৰা, আহাৰ ৰন্ধা কামো শিকালে। লাহি পাহি কনকলতা ওখ পাখ হ’বলৈ ধৰিলে। কনকলতাৰ ভনী দিজলতা আৰু ভায়েক

8