পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অকণি বীৰাংগনা কনকলতা

আইন প্ৰচলন কৰিলে। এই আইনৰ উদ্দেশ্য আছিল দেশবাসীক নানা উপায়েৰে হাৰাশাস্তি কৰাৰ। তেতিয়া বাংলাদেশ পাকিস্তান সামৰি বৃহৎ ভাৰতবৰ্ষ দেশ। জাতিৰপিতা মহাত্মা গান্ধী। তেওঁ দেশবাসীক ইংৰাজৰ কবলৰ পৰা ৰক্ষা মুক্ত কৰাৰ পণ ল'লে।

দুই

 বৰ অসমৰ মাজ মজিয়াতে গহপুৰ নামৰ ঠাইখন। সেই ঠাইৰ বৰঙাবাৰী গাঁওখনত ১৯২৪ চনৰ ২২ ডিচেম্বৰৰ দিনা পিতাক কৃষ্ণকান্ত বৰুৱা আৰু মাতৃ কৰ্নেশ্বৰী বৰুৱাৰ কোলা শুৱনী কৰি সুলক্ষণৰ ছোৱালী এটি জনম পালে। ছোৱালীটিৰ ককাদেউতাক ঘনকান্ত বৰুৱাই প্ৰথম নাতিনীজনীৰ নাম চেনেহতে দিলে কনকা, কনকলতা মানে সোণৰ পাহি

 খুড়ীদেউৱেক দদাইদেউক মাক-পিতাককে ধৰি কণ মানিজনীৰ ঘৰত বহুত মানুহ। সকলোৰে তাই আলাসৰ লাডু। যেন মূৰত থলে ওকনিয়ে খাব মাটিত থলে পৰুৱাই খাব। ককাদেউতাকে কোলাৰপৰা নমাবলৈকে মন নকৰে।

 লাহে লাহে কনকলতা ডাঙৰ হৈ আহিবলৈ ধৰিলে। দেখাই শুনাই তেনেই ৰূপহীজনী হৈ আহিল। ৰূপেগুণে মোহনীয়া কনকলতাৰ স্বভাৱটোও মোহ লগা হ’ল। আনবোৰ ল’ৰা-ছোৱালীৰ দৰে দৌৰি ঢাপলি, চিঞৰ-বাখৰ কৰি নুফুৰে। ধীৰ, শান্ত ডাঙৰে যি কয় তাকে শুনে।

 কনকলতা আৰু অলপ ডাঙৰ হ’ল। স্বভাৱটোও গুণী হ’ল। অবাবত

7