পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
অকণি বীৰাংগনা কনকলতা

তেজেৰে ৰাঙলি হৈ চিৰ নিদ্ৰাত শুই থাকিল। কনকলতাৰ লগতে মুকুন্দ কাকতি নামৰ দেশপ্ৰেমিক ডেকাজনো।

 উৰি থকা ত্ৰিৰঙ্গ পতাকাৰ লয়লাসত সকলো উল্লাসিত হ’ল যদিও এধানমানি কনকলতাৰ নিথৰ দেহ দেখি শোকত ভাগি পৰিল।

 ভাৰতবৰ্ষৰ ভিতৰত থানাত পতাকা উত্তোলন কৰা গহপুৰ থানা পোন প্ৰথম হিচাবে ইতিহাসৰ পাতত সোণালী আখৰেৰে চিহ্নিত হৈ ৰ'ল৷

 এধানিমানি কনকলতাই প্ৰমাণ কৰি গ'ল শিশুৰ হৃদয়তো জাতিষ্কাৰ হৈ ফুলিব পাৰে দেশপ্ৰেম, এটি শিশুৱেও দেখুৱাব পাৰে দেশৰ বাবে দুৰ্জেয় সাহস। শিশুৱেও জানে যে দেশতকৈ একো ডাঙৰ হ’ব নোৱাৰে জনমভূমিক ৰক্ষা কৰাটো মানুহৰ মহান কৰ্তব্য।

 দেশৰ বাবে প্ৰাণ দি কণমানি কনকলতা ছহীদ হোৱাৰ বাতৰি দেশৰ চাৰিওফালে বিয়পি পৰিল। জেলৰ ভিতৰতে এই বাতৰি পাই পুষ্পলতা দাসৰ চকুৰ পানীৰে জেলৰ মজিয়া তিয়ালে। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক এই বাতৰিয়ে তেনেই বোবা কৰি পেলালে। তেও বুজিলে এনে সাহস প্ৰকৃত দেশ প্ৰেমিকৰহে হ'ব পাৰে।

 গহপুৰৰ চৌদিশ শোকত ভাগি পৰিল। কনকলতাৰ আৰু মুকুন্দৰ নিথৰ শৰীৰ লৈ মৌন শোভাযাত্ৰা কৰিলে। এই ঘটনাই যেন মানুহবোৰক দুগুণ সাহসী কৰিহে তুলিলে। ১৯৪৭ চনত ভাৰত স্বাধীন হ’ল। এই

23