পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
অকণি বীৰাংগনা কনকলতা

২০ চেপ্তেম্বৰটো ‘শ্বহীদ দিৱস’ হিচাবে তেতিয়াৰে পৰা অসমত পালন কৰি অহা হৈছে। থানাৰ যিটো পুখুৰীৰ পাৰত কনকলতা শ্বহীদ হ’ল তাত ১৯৭১ চনত কনকলতাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ল। ১৯৬৩ চনত বৰঙাবাৰীত এই বীৰাংগনা গৰাকীৰ পবিত্ৰ সোঁৱৰণীত কনকলতা বালিকা আদৰ্শ হাইস্কুল স্থাপন কৰা হ’ল। কনকলতাই পঢ়া প্ৰাইমাৰী স্কুলখনো কনকলতা বালিকা প্ৰাইমাৰী স্কুল কৰা হ’ল। অকল সেয়ে নহয় এই মহিয়সী গৰাকীৰ নামত ‘কনকলতা’ ভ্ৰাম্যমান নাট্য দলে দিয়া ৰূপ, তেজপুৰ নগৰৰ অসামৰিক চিকিৎসালয়খনৰ নাম কনকলতাৰ নামেৰে,-গুৱাহাটী মহানগৰত কনকলতা ষ্টেডিয়াম, কটন মহাবিদ্যালয়ত কনকলতা ছাত্ৰীনিবাস আদিয়ে তেওঁৰ গৰিমাৰ কথাকে সোঁৱৰায়।

 আটাইতকৈ মনকৰিবলগীয়া কথাটো হ’ল ১৯৭৭ চনত ২৭ মাৰ্চৰ দিনা ভাৰত চৰকাৰে ৩৭ কোটি টকা খৰচ কৰি ৪৬ মিটাৰ দীঘল সাত মহলীয়া উপকূল সংৰক্ষণ জাহাজ (C.G.S)নিৰ্মাণ কৰি শ্বহীদ কনকলতাৰ নামত উচৰ্গা কৰে। আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰে। ২০০২ চনৰ ২৬ জানুৱাৰীত কনকলতা, মুকুন্দ কাকতিৰ ব্ৰঞ্জৰ মূৰ্তি গহপুৰত উন্মোচন কৰে। কনকলতাৰ হাতত নাচি থাকে আজিও যঁতৰ চিহ্ন থকা জাতীয় পতাকা। নানা অনুষ্ঠানে প্ৰতিষ্ঠানে তেওঁৰ নামত ২০ চেপ্তেম্বৰত সভা-সমিতি পাতি সগৌৰৱেৰে পৃথিৱীৰ জ্যোতিষ্মান তৰা এধানি কনকলতাৰ কীৰ্তি বখানে।

 কনকলতা চিৰকাললৈ ইতিহাসৰ পাত উজ্বল কৰি পৃথিৱীৰ বুকুত অমৰ হৈ ৰ'ল। যুগে যুগে শ্বহীদ কনকলতাৰ নাম সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিব!!

+ + + + +

24