পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
অকণি বীৰাংগনা কনকলতা

ঠেলি কনকলতা আগবাঢ়ি গ'ল। পিছে পিছে সমদলো। তেতিয়া দিনৰ ১১ টা বাজিছিল, ইংৰাজৰ তলতীয়া অসমৰ শত্ৰু আৰক্ষী বিষয়া ৰেৱতী সেনে গুলি চলাবলৈ নিৰ্দেশ জাৰি কৰিলে। পুলিচৰ বাধা নেমানি থানাৰ সমুখত থকা পুখুৰীটোৰ পাৰেৰে কনকলতাই ‘বন্দে মাতৰম’ ধ্বনিৰে আগবাঢ়িছিল।

 হঠাতে পুলিচৰ গুলি গৰজি উঠিল। সেই গুলি কনকলতাৰ বুকু ভেদি গ'ল। ‘বন্দে মাতৰম' বুলি ধলি পৰিব খুজিলে যদিও পতাকা মাটিত পৰিবলৈ নিদিলে। তৎক্ষণাত কনকলতাৰ হাতৰ পৰা ত্ৰিৰঙ্গা পতাকাখনি মুকুন্দ কাকতি নামৰ যুৱকজনে থাপমাৰি ধৰিলেহি।

 পুলিচে মুকুন্দ কাকতিকো গুলি চলালে। গুলি আহি বুকুত লাগিলহি৷ ‘বন্দে মাতৰম' বুলি মুকুন্দ কাকতি মাটিত পৰিব খোজা দেখি এইবাৰ ফুলেশ্বৰ নামৰ দেশপ্ৰেমিক যুৱকজনে চিলনীয়ে থাপ মৰাদি পতাকাখনি ল'লেহি। ওপৰা ওপৰিকৈ পুলিচৰ লাঠি চালনা চলিল। কাৰোবাৰ মূৰ ফাটিল কাৰোবাৰ ভৰি ভাগিল। ফুলেশ্বৰ নামৰ ডেকাজনৰ মূৰেৰে তেজ বাগৰি আহিল। তেওঁ মাটিত পৰি যাব খোজা দেখি নিমিষতে হুলস্থুলীয়া পৰিবেশৰে ৰামপতি ৰাজখোৱা নামৰ দেশপ্ৰেমিক যুৱকজনে ত্ৰিৰংগ পতাকাখনি হাতত লৈ থানাৰ চালত উঠিল। তাৰ পিছত ওপৰত থকা ইংৰাজৰ পতাকাখন দলিয়াই ভাৰতৰ ত্ৰিৰঙ্গা পতাকাখনি উত্তোলন কৰি সাউটকৰে নামি আহিল।

 নীলা আকাশত ভাৰতৰ ত্ৰিৰঙ্গ পতাকা উৰি থাকিল৷ সেই পতাকাৰ ছাঁত অসমৰ মাটিৰ বুকুত দেশৰ বাবে প্ৰাণ দিয়া কণমানি কনকলতা

22