পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
অকণি বীৰাংগনা কনকলতা

গৈ গাঁৱৰ মানুহখিনিকো দেশৰ কথা বুজাই ক’ব।

 যেনে কথা তেনে কাম। মহিলাসকল দল বান্ধি গাঁওবোৰলৈ গ’ল। লেখাপঢ়া নজনা, দেশৰ কথা ভূ নজনা, পৰাধীনৰ কথা আওঁ ভাওঁ নোপোৱা মানুহখিনিক খৰচি মাৰি সকলো কৈ মহাত্মা গান্ধীৰ পবিত্ৰ উদ্দেশ্য সফল কৰিবলৈ উৎসাহ যোগালে। তিৰোতা সকলক ঘৰৰ চাৰি বেৰৰপৰা ওলাই আহি চিৰদিনৰ বাবে দেশৰ দুখ মোচন কামত আগভাগ লবলৈ আহ্বান কৰিলে।

 মহিলাসকল ঘৰে ঘৰে গ'ল। মহাত্মা গান্ধীৰ কথা শিৰোগত কৰি মানুহবোৰক কানি ভাং খোৱাৰ পৰা আতঁৰি আহিবলৈ সকিয়ালে। মদ ভাংৰ দোকান ভাঙি চুৰমাৰ কৰিলে। বিদেশী কাপোৰ আনি জুই লগাই দিলে। ঘৰে ঘৰে যতঁৰত সূতাকাটি কাপোৰ ব'বলৈ দিহা দিলে। সূটাকটা সমূহীয়া শিবিৰ পাতি ল'লে। প্ৰচেচন কৰি কানিভাংৰ বিপক্ষে শ্লোগান দিলে।

 ১৯২৫ চনত নগাঁৱত হোৱা সাহিত্যসভাত মহিলাসকলে তেওঁলোকৰ সংকল্প পূৰণ কৰাত বেছি সুযোগ পালে। কাৰণ সেই সভাত অসমৰ উদ্যোগী মহিলাসকল গোট খাইছিল।

 ১৯৩০ চনত লমগ্ৰ ভাৰতত আইন অমান্য আন্দোলন আৰম্ভ হয়। তিৰোতাসকলে ইয়াত বেছিকৈ উৎসাহী হৈ কাম কৰিছিল। ফলত বহু মহিলা জেললৈও যাব লগা হৈছিল। এনে সংগ্ৰামত জেললৈ যোৱা অসমৰ প্ৰথম মহিলা আছিল নগাঁও জিলাৰ গুণেস্বৰী দেৱী আৰু মুক্তবালা বৈৰাগী। শিৱসাগৰ জিলাৰ কমলা বালা কাকতী, কমলয়া কাকতী আৰু

12