ক্ষীৰদা চলিহা আছিল তাৰ পিছতে। তাৰপিছত- হেমপ্ৰভা, মাখনী লতা আদি ভালেমান মহিয়সী নাৰীয়ে কাৰাবৰণ খাটি দেশপ্ৰেমৰ চিনাকি দিয়ে তিৰোতাসকলে অকল আন্দোলনে নহয় দান বৰঙণি তুলি সংগ্ৰামৰ কামত সহায় কৰিছিল৷ নিজৰ আ-অলংকাৰ দান কৰিছিল।
পাঁচ
১৯৩০ চনৰ পৰা আন্দোলন অতি তীব্ৰ হৈ পৰে। কনকলতা তেতিয়া কণমানি। তথাপি দেউতাক, ওচৰ চুবুৰীয়াক বা আন্দোলন কৰা মানুহ দেখিলে তেওঁলোকৰ পৰা দেশতনো কি হৈছে জানিবলৈ বিচাৰে। নিচান লৈ আন্দোলনৰ ধেমালি কৰে। যেন কণমানি কনকলতাৰ জীৱন আন্দোলনৰ সুঁতিত সাতুৰিবলৈহে শিকিছিল।
তেতিয়া সকলোৰে মুখে মুখে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত। এই মহান ব্যক্তিজনৰ জাতি প্ৰেম দেখিলে আচৰিত হ'ব লাগে। এশটা গুণৰ অধিকাৰী এই জ্যোতিপ্ৰসাদে গীত লিখা, সুৰ দিয়া, নাটক লিখা, সঙ্গীত বাদ্য বজোৱা, দেশৰ বাবে চহকী ঘৰত জনম লৈও দুখৰ জীৱন সাৱটি লোৱা আদি কাম বোৰ কৰি গৈছিল। তেওঁ লিখা গীতে সংগ্ৰাম কৰা মানুহখিনিক সাহস আৰু প্ৰেৰণা দিছিল। তেওঁ তেজপুৰৰ তামোলবাৰীত জন্ম লোৱা লোক আছিল। দেশৰ বাবে তেওঁ বহু গীত লিখি লিখি মানুহবোৰক দিছিল। সেই গীত সেই সুৰে প্ৰতিজন অসমীয়াৰ প্ৰাণ দেশপ্ৰেমত ভৰাই তুলিছিল। কনকলতাই সৰুৰেপৰা এই গীতবোৰ শুনি আহিছিল।
এনেকৈয়ে স্বাধীনতাৰ আন্দোলনে সমগ্ৰ দেশত ঢৌ তুলিলে।