পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
সাহিত্য-সংগ্ৰহ।
আমি কি মানৱ নিজ লক্ষ লই

   নেযাম কোনোবা কালে?
১৪
নীল আকাশত হাতী-পটি মাজে,
   তৰাই পাতিছে থূল,
সেই বুলি দেখোঁ তৰাই নকৰে।
   আপোন লক্ষৰ ভুল।
১৫
নতুন বছৰে দিছে সোৱঁৰাই
   আমাক আপোন কাজে,
নতুন উছাহে হওঁ বলাঁ সৱে
   বিজয়ী জগত মাজে।
১৬
সৌভাগ্য বেলিৰ হিৰণ কিৰণ
   পূবত ফুটিছে সৌৱা,
হাতত পতাকা লই ব’লাঁ সৱে
   উলাহ সঙ্গীত গোৱাঁ।



অন্ত।