পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


আমি কি মানৱ নিজ লক্ষ লই

   নেযাম কোনোবা কালে?
১৪
নীল আকাশত হাতী-পটি মাজে,
   তৰাই পাতিছে থূল,
সেই বুলি দেখোঁ তৰাই নকৰে৷
   আপোন লক্ষৰ ভুল৷
১৫
নতুন বছৰে দিছে সোৱঁৰাই
   আমাক আপোন কাজে,
নতুন উছাহে হওঁ বলাঁ সৱে
   বিজয়ী জগত মাজে৷
১৬
সৌভাগ্য বেলিৰ হিৰণ কিৰণ
   পূবত ফুটিছে সৌৱা,
হাতত পতাকা লই ব’লাঁ সৱে
   উলাহ সঙ্গীত গোৱাঁ৷



অন্ত।