পৃষ্ঠা:Sarapahi.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাহি
 

আঠু সমানকৈ  চুৰিয়া পিন্ধি
 ঘুৰিলে বহুত ঠাই।
কত লাঞ্চনা  কত গঞ্জনা
 তাৰ সীমা সংখ্যা নাই॥
স্বাধীনতা যুজাৰু  শ্ৰীধৰ বৰ্মনে
 দৰিদ্ৰতাৰ সতে যুজি।
স্বাধীনতাৰ সোৱাদ  বীৰ সৈনিকে
 শেষত হে পালে বুজি॥
বৃদ্ধ বয়সতো  গাইছিল শ্ৰীধৰে
 বন্দে মাতৰম গান।
কিন্তু শ্ৰীধৰে  সমাজৰ মাজত
 নেপালে বীৰৰ মান॥
শান্ত সৈম্য  বীৰ সৈনিক
 এমোকোৰা মিঠা হাহি।
দেশ মাতৃৰ চৰণত  চিৰদিন থাকিব
 এটি অনাঘ্ৰাত পাহী॥

৹৹৹৹

৫০