পৃষ্ঠা:Sarapahi.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাহি
 

শ্ৰীধৰ বৰ্মন

শ্ৰীধৰ বৰ্মন  দেশৰ সেৱক
 বেলশৰ নদীপাৰত ঘৰ।
অহিংসা যুদ্ধৰ  আছিল সৈনিক
 ১৯৪২ চনৰ॥
মহাত্মাৰ আদৰ্শত  অনুপ্ৰাণিত হৈ
 জপিয়াই পৰিছিল যুজত।
অহিংসাৰ মন্ত্ৰে  খোজ মিলাইছিল
 মহাত্মাজীৰ খোজত॥
কপাহী কাপোৰ  পৰিধান কৰি
 গান্ধী টুপি মুৰত লৈ।
চিৰদিন কটালে  শ্ৰীধৰ বৰ্মনে
 দেশৰ সেৱক হৈ॥
দিনক ৰাতি  ৰাতিক দিন কৰি
 খাতি দেশৰ হকে।
কত দিন পচিল  দুৰ্গন্ধময় জেলত
 দুৰ্বাৰ পিয়াহ ভোকে॥

৪৯