পৃষ্ঠা:New Testament in Assamese.djvu/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিন্থীলৈ প্ৰথম পত্ৰ। ২৯৯ ২ অধ্যায়। হে ভাইবিলাক, যেতিয়া তোমোলাকৰ ওচৰলৈ গলো, তেতিয়া ঈশ্বৰে দিয়া প্ৰমাণ কীত্তন কৰি চতুৰালি বা বিদ্যাৰে নিপুন হৈ মই যোৱা নাই। ২ কিয়নো যীশু খ্ৰীষ্টৰ, আৰু তেওঁ পেৰেঙ্গণিত মৰাৰ কথাত বাঝে তো- মোলাকৰ মাঝত আন একো কথা নেজানিবলৈ মনেৰে থিৰ কৰিলে। ৩ আৰু তোমোলাকৰ মাঝত নিৰ্ব্বল, ভয়, আৰু কম্পনেৰে আছিলো। ৪ আৰু তোমোলাকৰ বিশ্বাস মানুহৰ জ্ঞানত নেথাকি ঈশ্বৰৰ মহিমাত যেন থাকে, ৫ এই নিমিত্তে মোৰ কথা আৰু কীত্তন [সংসাৰিক] বিদ্যাৰ মন মোহ কথাৰে নহৈ, পবিত্ৰ আত্মাৰ প্ৰমাণ আৰু মহিমাৰেহে হৈছিল। ৬ যিবিলাক পৰিপূৰ্ণ, সিবিলাকৰ মাঝত অমি কোৱা কথা জ্ঞনি হয়; তথাপি সেয়ে এই জগতৰ জ্ঞান, নাইবা জগতৰ নিবাসী অধিকাৰবিলাকৰ জ্ঞান, এনে নহয়; ৭ কিন্তু জগত সুজাৰ আগেয়ে ঈশ্বৰে যি গুপুত জ্ঞান অমাৰ বিভৱলৈ নিযোজন কৰিলে, সেই ঈশ্বৰৰ গোপনীয় কথা আমি তোমোলকিত কৈছে। ৮ সেই গোপনীয় কথা এই জগতৰ অধিকাৰবিলা- কৰ কোনেও নেজানিলে, সিবিলাকে জনা হলে মহিমাযুক্ত প্ৰভূক পেৰেঙ্গ- ণিত বধ নকৰিলেহেঁতেন। এই কথাতো লিখা আছে, যিবিলাকে ঈশ্ব- বত প্ৰেম কৰে, তেওঁ সিবিলাকৰ নিমিত্তে যি যি যুগুত কৰিছে, তকি চকুএ দেখা নাই, কাণে শুনা নাই, মানুহৰ মনতো নোসোমাল। ১০ কিন্তু ঈশ্বৰে আপোনাৰ অত্মািৰে তাক আমাৰ আগত প্ৰকাশ কৰিছে; কিয়নো অত্মাই সকলোকে বিচাৰি ঈশ্বৰৰ অগাধ কথাকে বিচাৰ কৰি জানে। ১১ মানুহৰ মনৰ কথা মানুহত থকা আপোনাৰ অত্মিাত বাঝে কোনে জানে? সেই দৰে ঈশ্বৰৰ কথাও ঈশ্বৰৰ আত্মত বাঝে অন কেৱে নে- জানে। ১২ ঈশ্বৰে অনুগ্ৰহ কৰি আমাক যি উপদেশ দিলে, তাক জানি- বলৈ আমি সংসাৰিক আত্মা নেপাই, ঈশ্বৰ পৰা অহা অত্মাক পালে॥ ১৩ তীতে মানুহৰ জ্ঞানে শিকোৱা বাক্যেৰে আমি সেই উপদেশ নকৈ, পৰমাৰ্থিক কথাৰে সৈতে পৰমাৰ্থিক কথা বিবেচনা কৰি, [পবিত্ৰ] আত্মাই শিকোৱা বাক্যেৰে তাকে কওঁ। ১৪ কিন্তু সংসাৰিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা অজ্ঞান বুলি গ্ৰহণ নকৰে, আৰু সেই কথাৰ তন্ত্ৰও বুঝিব নোৱাৰে, কিয়নো পাৰ্থিক ৰূপেৰেহে তাক বুঝা যাই। ১৫ যি জন পৰমাৰ্থিক, সেই জনে অটাইকে জানে, কিন্তু তেওঁক কোনেও নেজানে। ১৬ কিয়নো তেওঁক উপদেশ দিবলৈ ঈশ্বৰৰ মন জনা কোন আছে। কিন্তু আমি খ্ৰীষ্টৰ মন পোৱা হৈছে। - ba