এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
136 মাম-দ্বেঘা [ যে ১৩ অধমে কেৱলে দোষ লয় মধ্যমে গুণ- দোষ লৱে কৰিয়া বিচাৰ। উত্তমে কেৱলে গুণ লৱয় উত্তমোত্তমে অল্প গুণ কৰয় বিস্তাৰ। ১৩১ দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ। মহাপাপী অন্ত্য জাতি তৰয় কলিত সুখে মুখে কৰি হৰিৰ কীৰ্তন॥ ১৩২ অবিদ্যা-জনিত সুখ সত্য শোক আদি কৰি আত নিৰপেক্ষ নিৰন্তৰ। কেৱলে চিদাঙ্গ-শুদ্ধি কৰণেসে মাত্ৰ জানা পুৰুষাৰ্থ মুমুক্ষুজনৰ। ১৩৩ বিদ্যা-অবিদ্যা-জন্য মুখে নিৰপেক্ষ হুয়া কৰিলে আপুন মন থিৰ। সকলে জগত ইটো বাসুদেৱময় মাত্ৰ পুৰুষাৰ্থ জানিবা জ্ঞানীৰ। ১৩৪ ১৩১। দোষান্ পৰেং হি গুণেধসাধৱে। সৃষ্টি কেচিন্ন ভৱশ দ্বিজ। গুণাঞ্চ ফন বহুলীকৰিৱে মহমান্তেৱিদন। ১২। কলেদোষনিধে ৰাপ্তি জেকো মহান্। কীত নাদেৱ কৃষ্ণ মুক্তঃ পৰং বুজেং। ভাগৱত-পুৰাণ, ১২.৩১ (কৰ ২১.১৭)