পৃষ্ঠা:Kirtan Ghosha.pdf/৭৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বাবা ১৩৯} হ্যৰ ৭১৭ সমতে সুখকে তেজি পুৰুষোত্তমৰ প্ৰেম ভকতিক কৰিল আশ্ৰয়। ভকতসৱৰ এহি পুৰুষাৰ্থ মনোনীত আনো সুখ অধিক পায়॥ ১৩৫ মুমুক্ষুজনৰ যেৱে অবিদ্যা-জনিত সুখে বিৰকতি ভৈল অতিশয়। কেৱলে আত্মত মাত্ৰ সদায়ে ৰমণ কৰে তেৱে বিধি-কিঙ্কৰ গুচয়॥ ১৩৬ জ্ঞান-নিষ্ঠজনে বিদ্যা- অবিদ্যা-জনিত দুয়ো সুখে বিৰকতি ভৈল যেৱে। বাসুদেৱময় মাত্ৰ দেখয় জগত ইটো বিধিৰ কিঙ্কৰ গুচে তেৱে। ১৩৭ পুৰুষোমৰ প্ৰেম ভকতি-সুখক মাত্ৰ নিশ্চয় কৰিলা যিটোজন। শৰণ-কালৰেপৰা বিধিৰ কিঙ্কৰ গুচি কৰে সদা শ্ৰৱণ-কীৰ্ত্তন॥ ১৩৮ ভাৰত ৰত্নৰ দীপ মনুষ্য-শৰীৰ নৌকা ৰাম-নাম মহাৰত্ন সাৰ। হেনয় বাণিজ পাই যিটো জীৱে নকৰিল তাত পৰে দুখী নাহি আৰ। ১৩৯ ১৩। নিষ্ঠা ৱিৰত্ৰে ৱা কে জানপেক্ষ। সলিলনামাস্তাক্ত চৰেদৰিধিগোচৰঃ। -ভাগৱত পুৰাণ, ১১.১৮.২৮