পৃষ্ঠা:Kirtan Ghosha.pdf/৭১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯৬
ঘোষা ৫৫
নাম-ঘোষা


নজানে শাস্ত্ৰৰ নয়  যেন আসে তাকে কয়
 ছেদিবাক নপাৰে সংশয়।
গুৰু বোলাই তথাপিতো  ফুৰয় লোকৰ মাজে
 মান্য-সতকাৰ খুজি লয়॥ ৫৫

বচনে কেৱলে মাত্ৰ  হৰিত শৰণ লয়
 চিত্তে আন দেৱক ভজয়।
জানিবাহা কদাচিতো  সিদ্ধি সিটো নলভয়
 হৰি তাৰ সন্তোষ নোহয়॥ ৫৬

আগম নিগম তৰ্ক  পুৰাণ ভাৰত যত
 ইতিহাস তন্ত্ৰ-মন্ত্ৰচয়।
হে হৰি তোমাতেসে  খেলাৱে কেৱলে বাদ
 তোহ্মাৰ তত্ত্বক নজানয়॥ ৫৭

ঐশ্বৰ্য্য ভোগৰ মদে  মত্ত হুয়া ঈশ্বৰত
 পৰাঙ্মুখ ভৈলা যিটোজন।


৫৬॥ ৱাচা ৱদেদ্ধৰেৰ্নাম চেতোহন্য়দেৱতাং ভজেৎ।
 ন স সিদ্ধিমৱাপ্লোতি তস্য় তুষ্য়তি ন হৰিঃ॥
৫৭॥ ত্বাং বহুধা বৰ্ণয়ন্তি, তত্বন্তু কেইপি ন জানন্তীত্য়াহ-
 ত্বাং ব্ৰহ্ম কেচিদৱয়ন্তুাত ধৰ্মেমেকে
 একে পৰং সদসতোঃ পুৰুষং পৰেশম্‌।
 অন্য়ে ৱদন্তি নৱশক্তিযুতং পৰং ত্বাং
 কেচিন্মহাপুৰুষমৱ্য়য়মাতত্ত্বম্॥


৫৬॥ সিন্ধি-সিধি।