এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১০
৯১
প্ৰহ্ৰাদ-চৰিত্ৰ
কৃষ্ণক চিন্তন্তে দ্ৰৱে মন।
কেহো বেলা কৰন্ত ক্ৰন্দন॥
কেহে বেলা হাসন্ত আহ্লাদে।
কতো গুণ গাৱন্ত প্ৰহ্লাদে॥ ১১০
গোবিন্দক আনন্দে ডাকন্ত।
লাজ এড়ি কতোহো নাচন্ত॥
হৰি-বুদ্ধি হোৱে আপুনাক।
কতো কৰে কৃষ্ণৰ চেষ্টাক॥ ১১১
আনন্দে লোতক যায় বহি।
নমাতি থাকন্ত কতো ৰহি॥
হৰিষতে তনু লোমাঞ্চিত।
কৃষ্ণতে একান্ত ভৈল চিত্ত॥ ১১২
এহিমতে কৰন্ত ভকতি।
আন বিষয়ত নাহি ৰতি॥
কৃষ্ণৰ কিঙ্কৰে এহু ভণে।
হৰি হৰি বোলা সৰ্ব্ব জনে॥ ১১৩
পা• ১১০॥ চিন্তন্তে-চিন্তায়ে