পৃষ্ঠা:Kirtan Ghosha.pdf/১০৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
[খণ্ড ৬
কীর্তন-ঘোষা

একাদশ কীৰ্ত্তন

ঘোষা॥ ৰাম হৰি ৰাম হৰি গোপাল গোপাল॥১১

পদ॥ শণ্ডামৰ্ক নামে দুয়ো শুক্ৰৰ তনয়।
 প্ৰহ্ৰাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয়॥
 পঢ়ে আনো অসংখ্যাত দৈত্যৰ ছৱাল।
 মনত প্ৰহ্ৰাদে তাক নমানন্ত ভাল॥ ১১৪

 একদিনা দৈত্যেন্দ্ৰে পুত্ৰক কোলে লই।
 কিবা পঢ়ি আছা বুলি আনন্দে সোধয়॥
 কাক ভাল মান বাপ কহিয়ো সত্বৰে।
 বুলিলন্ত প্ৰহ্ৰাদে পিতৃক অনন্তৰে॥ ১১৫

 শুনা পিতৃ ইটো গৃহ অন্ধকূপ-সৰি।
 তপোবনে একচিত্তে আৰাধিয়ো হৰি॥
 সংসাৰ-সাগৰে ভাল নাহি আত পৰে।
 হেন শুনি হাসি পাছে মাতে দৈত্যেশ্বৰে॥ ১১৬

 কোনবা বৈষ্ণৱে আক কৰে মতি-ভেদ।
 ভালমতে শিশুক পঢ়ায়ো অবিছেদ॥
 শুনি শণ্ডামৰ্কে প্ৰহ্ৰাদক ঘৰে আনি।
 হাসিয়া পুছন্ত বাপ কহ সত্য বাণী॥ ১১৭