পৃষ্ঠা:Kamaratna Tantra.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

84


১১। জলহুৱা পকা কেচুক শুকাই গুৰি কৰি তিলক ললে অন্ধকাৰত প্ৰকাশ দেখে। ইসৱ ঔষধত বাসুদেৱ মন্ত্ৰ অষ্টোত্তৰশত জপিব। ইতি নানা কৌতুক। কামৰত্নৰ একাদশ উপদেশ সমাপ্ত।

⸻⸻

দ্বাদশ পটল।


১০৬। অথ ধৰ্ম্মসিদ্ধি।

 পুষ্যানক্ষত্ৰত বাহকৰ মূলত অন্তৰিক্ষ মন্ত্ৰ জপি তুলি আনি বাটি আঙ্গুল প্ৰমাণ গণেশ প্ৰতিমা কৰি ৰা কৰবীৰ ফুলেৰে গণেশ মন্ত্ৰেকে পূজিব, ধৰ্ম্ম সিদ্ধি হয়। ইতি ধৰ্ম্মসিদ্ধি।


১০৭। অথ বাক্য সিদ্ধি।


১। কৃত্তিকা নক্ষত্ৰত সিজুৰ ৰঘুমলা আনি হাতত বান্ধিলে বাক্য সিদ্ধি হয়।


২। স্বাতী নক্ষত্ৰত বগৰিৰ ৰঘুমলা আনি অন্তৰিক্ষ মন্ত্ৰ জপি স্ত্ৰীযে বাম হস্তত পুৰুষে দক্ষিণ বাহুত বান্ধি যাত যি থোজে বৃথা নহয়। ইতি বাক্য সিদ্ধি।

১৮। অথ দৃশ্যকৰণ।

অশ্লেষা নক্ষত্ৰত গধূলি সময়ত ডালিমৰ গুটিৰ ৰস লৈ কৃষ্ণা অষ্টমীত মঙ্গলবাৰে পদ্মৰ মূল আনি সেই ৰসে বাটি চকুত অঞ্জন ললে অদৃশ্যক দেখে। ইতি দৃশ্যক ৰণ।