পৃষ্ঠা:Kamaratna Tantra.djvu/৯৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


84 ১১। জলহুৱা পকা কেচুক শুকাই গুৰি কৰি তিলক ললে অন্ধকাৰত প্রকাশ দেখে । ইসৱ ঔষধত বাসুদেৱ মন্ত্র অষ্টোত্তৰশত জপিব । ইতি নানা কৌতুক। কামৰত্নৰ একাদশ উপদেশ সমাপ্ত । দ্বাদশ পটল। ১০৬। অথ ধৰ্ম্মসিদ্ধি। পুষ্যানক্ষত্ৰত বাহকৰ মূলত অন্তৰিক্ষ মন্ত্র জপি তুলি আনি বাটি আঙ্গুল প্রমাণ গণেশ প্রতিমা কৰি ৰা কৰবীৰ ফুলেৰে গণেশ মন্ত্রেকে পূজিব, ধৰ্ম্ম সিদ্ধি হয়। ইতি ধৰ্ম্মসিদ্ধি। ১০৭। অথ বাক্য সিদ্ধি। ১। কৃত্তিকা নক্ষত্ৰত সিজুৰ ৰঘুমলা আনি হাতত বান্ধিলে বাক্য সিদ্ধি হয়। ২। স্বাতী নক্ষত্ৰত বগৰিৰ ৰঘুমলা আনি অন্তৰিক্ষ মন্ত্র জপি স্ত্রীযে বাম হস্তত পুৰুষে দক্ষিণ বাহুত বান্ধি যাত যি থােজে বৃথা নহয়। ইতি বাক্য সিদ্ধি। এ সংসদ ১৮। অথ দৃশ্যকৰণ । অশ্লেষা নক্ষত্ৰত গধূলি সময়ত ডালিমৰ গুটিৰ ৰস লৈ কৃষ্ণা অষ্টমীত মঙ্গলবাৰে পদ্মৰ মূল আনি সেই ৰসে বাটি চকুত অঞ্জন ললে অদৃক দেখে। ইতি দৃশ্যক ৰণ।