পৃষ্ঠা:Kamaratna Tantra.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

64


৮১। অথ স্ত্ৰীৰ ঋতু নিবাৰণ।

১। আগিয়া চিতাৰ মূল তুহৰ জুইৰে পুৰি জালেৰে পগাই ঋতু কালত তিন দিন খাব, যাবৎ জীয়ে ঋতু নহয়।

২। সউৰাৰ গুটিৰ ৰস দুই তোলা চাউলৰ গুৰিৰে সানি ঋতুৰ কালত খালে ঋতু নিবাৰণ হয়। ইতি স্ত্ৰীৰ ঋতু নিবাৰণ।


৮২। অথ সতিনী দুৰ্ভগকৰণ।


১। জ্যেষ্ঠা নক্ষত্ৰত নিম তিতাৰ পাত, মূল, ৰঘূমলা যি নাৰীৰ গাত ঘহে সেই নাৰী দুৰ্ভগা হয়।

২। তাৰে পাত মঙ্গলবাৰে গাত ঘহিলেও দুৰ্ভগ হয়। ইতি সতিনী দুৰ্ভগাকৰণ।


৮৩। অথ দ্বন্দ লগান।


১। সউৰাৰ গুটি, বগৰিৰ গুটি লগ লগাই যাৰে ঘৰত থয় তাৰে ঘৰত নিতে দ্বন্দ লাগে।

২। সউৰাৰ মূল, পাত, গুটি লগকৈ যাৰ ঘৰত থয় নিতে দ্বন্দ লাগে। তাকে গুচালে দ্বন্দ গুচে। ইতি কামৰত্নৰ অষ্টম উপদেশ সমাপ্ত।

নৱম পটল।

৮৪। অথ সৰ্ব্ব বিঘ্নি নাশন।

১। প্ৰথমে কৰ্ম আৰম্ভত সৰ্ববিঘ্নি নাশন মন্ত্ৰ পঞ্চাশ বাৰ জপিব, সৰ্ব বিঘ্নি নাশ হয়।