পৃষ্ঠা:Kamaratna Tantra.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

30


৩০। অথ মেঘ স্তম্ভন।

 দুই খণ্ড ইটাৰ মাজত লিখি মেঘ স্তম্ভক বৃষ্টি নকৰোক এই খানি বুলি থাপি থব যেন মিলন নহে। মেঘ স্তম্ভে। ইতি মেঘ স্তম্ভন।

৩১। অথ কাক স্তম্ভন।

 ভৰণী নক্ষত্ৰত অশ্বথৰ বা বড়ৰ পাঞ্চ আঙ্গুল কাষ্ঠ বোকাত আনি থলে কাক স্তম্ভে। ইতি কাক স্তম্ভন।

৩২। অথ নিদ্ৰা স্তম্ভন।

 কাটা বেজেনাৰ মূল মধু সহিতে পিহি নাকে উজালে নিদ্ৰা স্তম্ভে। ইতি নিদ্ৰা স্তম্ভন।

৩৩। অথ বস্ত্ৰ স্তম্ভন।

১। আহতৰ গুৰিৰ ৰঘুম কৃত্তিকা নক্ষএ আনি তাতে কুম্ভকৰ্ণ মন্ত্ৰ, অষ্টোত্তৰশত জপি মুখত ললে বস্ত্ৰ স্তম্ভে।

২। পুষ্যা নক্ষত্ৰত বগা কাচমণিৰ মূল হাতত ললে বস্তু স্তম্ভে কাম ভয় নাই।

৩। খাজুৰৰ মূল বা কেতেকীৰ মূল ককালত বান্ধিব, আকণৰ মূল। হাতত লব। অন্য বস্ত্ৰ নিবাৰণ হয়। ইতি বস্ত্ৰ স্তম্ভন।