পৃষ্ঠা:Kamaratna Tantra.djvu/৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


30 ৩০। অথ মেঘ স্তম্ভন। দুই খণ্ড ইটাৰ মাজত লিখি মেঘ স্তম্ভক বৃষ্টি নকৰােক এই খানি বুলি থাপি থব যেন মিলন নহে। মেঘ স্তম্ভে। ইতি মেঘ স্তম্ভন। ৩১। অথ কাক স্তম্ভন । ভৰণী নক্ষত্ৰত অশ্বথৰ বা বড়ৰ পাঞ্চ আঙ্গুল কাষ্ঠ বােকাত আনি থলে কাক স্তম্ভে। ইতি কাক স্তম্ভন। ৩২। অথ নিদ্রা স্তম্ভন। কাটা বেজেনাৰ মূল মধু সহিতে পিহি নাকে উজালে নিদ্রা স্তম্ভে। ইতি নিদ্রা স্তম্ভন। ৩৩। অথ বস্ত্র স্তম্ভন। ১। আহতৰ গুৰিৰ ৰঘুম কৃত্তিকা নক্ষএ আনি তাতে কুম্ভকর্ণ মন্ত্র, অষ্টোত্তৰশত জপি মুখত ললে বস্ত্র স্তম্ভে। ২। পুষ্যা নক্ষত্ৰত বগা কাচমণিৰ মূল হাতত ললে বস্তু স্তম্ভে কাম ভয় নাই। ৩। খাজুৰৰ মূল বা কেতেকীৰ মূল ককালত বান্ধিব, আকণৰ মূল। হাতত লব। অন্য বস্ত্র নিবাৰণ হয়। ইতি বস্ত্র স্তম্ভন।