কৰিলে। আনকি হাতীৰ হতুৱায়ো শিলটো তুলিবলৈ যংপৰোনাস্তি চেষ্টা চলালে। কিন্তু সফল নহ'ল। ওপৰলৈ যিমানে টনা হয়, শিলো সিমানে তললৈ বহি যায়। অগত্যা কিবা দেওলগা শিল বুলি ভাবি গঞা ৰাইজ ঘৰলৈ ফিৰি আহিল। ৰাতি ৰঘুবৰে সপোনত দেখিলে এক জ্যোতিৰ্ময় দেৱমূৰ্তিয়ে তেওঁক আদেশ কৰিছে– “মই শিৱ, ইয়াতে আছোঁ। তোমালোকে ইয়াত এটি মন্দিৰ সাজি মোক নিতৌ পূজা কৰিবা। তোমালোকব মঙ্গল হব”। ৰঘুবৰে পুৱা এই স্বপ্নাদেশৰ কথা গাৱঁৰ মানুহৰ আগত ব্যক্ত কৰিলে। গাৱঁৰ মানুহে সেই শিলটোৰ (শিৱলিঙ্গৰ) ওপৰত এটি ঘৰ বান্ধি দি সেৱাপূজাৰ ব্যৱস্থা কৰিলে। ৰঘুবৰ বিগ্ৰহৰ নিত্যপূজাৰী হ'ল।
বিগ্ৰহৰ মূৰত কোৰৰ ঘাপৰ চিন আজিও দেখা যায়।
কিছুমানৰ মতে একে স্বপ্নাদেশ সৰ্গদেউ শিৱসিংহয়ো দেখিবলৈ পাইছিল আৰু তেওঁ নিজে ডুবিত উপস্থিত হৈছিল। ঠাইৰ মাহাত্ম্য বুজি ৰজাই বিগ্ৰহৰ ওপৰত মন্দিৰ এটি নিৰ্ম্মাণ কৰি দিয়ে।
ডুবি অঞ্চলটো : ভৌগোলিক দৃষ্টিৰে
দেৱালয়ৰ আৰু ইয়াৰ চাৰিওফালৰ কেবা বৰ্গহাত জুৰি থকা ভূমি অংশ কঠিন আৰু শিলাময়। মাটিৰ ৰঙো ৰংচুৱা ধৰণৰ। এই- বোৰৰ পৰা কিংবদন্তিত উল্লেখিত ‘দুৰ্বল’ পাহাৰৰ কথা মনলৈ আহে।
ডুবি বজালী পৰগনাৰ সৰিহ মৌজাত অৱস্থিত। বজালীৰ স্নায়ুকেন্দ্ৰ পাঠশালা চহৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় আঢ়ৈ কিলোমিটাৰ দক্ষিণে। পাঠশালাৰ পৰা দেৱালয়লৈ গড়কাপ্টানি ৰাস্তা এটি আছে। এই ৰাস্তাটো পুৰণি কঠোৰ আলিৰ অংশবিশেষ। ডুবিৰ পূবে জালিখাটা গাওঁ, দক্ষিণে উপৰনৈ আৰু গুনৰি গাওঁ, পশ্চিমে তিত্কা তাজে আৰু তিত্কা গৰীয়া আৰু উত্তৰে উত্তৰ-পূব সীমান্ত ৰেলপথ। ডুবি গাওঁখনৰ উত্তৰ-পশ্চিম মূৰেদি বিশ্বন্নলা জান গৈছে। ডুবিৰ